২০ অনূৰ্ধ্ব বিশ্ব এথেলেটিকছৰ লং জাম্পত ৰূপৰ পদক লাভ কৰি অভিলেখ গঢ়িলে ছাইলী সিঙে। নাইৰোবিত চলি থকা এই প্ৰতিযোগিতাখনত মহিলাৰ লং জাম্পত ১৭ বছৰীয়া ছাইলীয়ে ফাইনেলত ৬.৫৯ মিটাৰ জঁপিয়াই ৰূপৰ পদক লাভ কৰে।
অঞ্জু ববী জৰ্জৰ স্বামী ববী জৰ্জৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ছাইলীয়ে ৩.১ চেন্টিমিটাৰ ব্যৱধানৰ বাবে স্বৰ্ণ জয়ৰ পৰা বঞ্চিত হ’ব লগা হ’ল।ছাইলীয়ে প্ৰতিযোগিতা খনৰ ইভেন্টটোত ৬.৫৯ মিটাৰ জপিয়াই ২০ বছৰ অনূৰ্ধ্ব শাখাত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে।
ছুইডেনৰ ১৮ বছৰীয়া আছকাগে ৬.৬০ মিটাৰ জঁপিয়াই স্বৰ্ণ পদক লাভ কৰে। উল্লেখযোগ্য যে প্ৰতিযোগিতা খনত ভাৰতৰ বাবে এইটো আছিল তৃতীয় টো পদক।ইয়াৰ পূৰ্বে ভাৰতৰ অমিত খত্ৰিয়ে পুৰুষৰ ১০ হাজাৰ মিটাৰ ৰেচ ৱাকত ৰূপৰ আৰু ×৪০০ মিটাৰ মিক্সড ৰীলে দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰে।