শুকুৰবাৰে ইউৰো কাপত পোলেণ্ডক ৩-১ গ’লত পৰাস্ত কৰি অষ্ট্ৰিয়াই গ্ৰুপ ডিত স্থান নিশ্চিত কৰে। পূৰ্বৰ খেলখনত ফ্ৰান্সৰ হাতত পৰাস্ত হোৱাৰ পিছতো আজি অষ্ট্ৰিয়াই পোলেণ্ডক পৰাস্ত কৰাত কোনো সমস্যা হোৱা নাছিল। আন এখন মেচত পিছ পৰি থকাৰ পাছতো ইউক্ৰেইনে শ্লোভাকিয়াক পৰাস্ত কৰে। ফলত গ্ৰুপ ইত বেলজিয়ামৰ ওপৰত চাপ বৃদ্ধি পালে। প্ৰথমখন মেচত শ্লোভাকিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ একেবাৰে তলত আছে বেলজিয়াম ৷
মেচখনৰ আৰম্ভণিৰে পৰাই অষ্ট্ৰিয়াই পোলেণ্ডক হেঁচাত ৰাখিবলৈ সক্ষম হয় । ৯ মিনিটত আগবাঢ়ি যায় অষ্ট্ৰিয়া। অষ্ট্ৰিয়াই এটা গ’ল দি নিজৰ আক্ৰমণ তীব্ৰতৰ কৰি তোলে । ইয়াৰ পিছত পোলেণ্ডে সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধত অষ্ট্ৰিয়া আগবাঢ়ি যায়। ৬৭ মিনিটত বাউমগাৰ্টনাৰে গ’ল দিয়ে। ৭৮ মিনিটত অষ্ট্ৰিয়াই তৃতীয়টো গ’ল দিয়ে।
আন এখন মেচত যুদ্ধবিধ্বস্ত ইউক্ৰেইন শ্লোভাকিয়াক পৰাস্ত কৰে। ইউক্ৰেইন ২-১ গ’লত জয়লাভ কৰে। প্ৰথমাৰ্ধত ইভান শ্ৰাঞ্জৰ গ’লেৰে অগ্ৰগতি লাভ কৰে শ্লোভাকিয়াই। দ্বিতীয়াৰ্ধত মাইকোলা শ্বাপাৰেংকোৱে সমতা স্থাপন কৰে। খেলৰ শেষত শ্বাপাৰেংকোৰ পাছৰ পৰা ৰোমান ইয়াৰেমচুকে গ’ল দিয়ে।