চলিত বর্ষৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ অন্তিম দিনটোত অর্থাৎ দেওবাৰে (১৮ ছেপ্টেম্বৰ) কমনৱেলথ আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী তথা অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী বজৰং পুনিয়াই পুৰুষৰ ৬৫ কিলোগ্ৰামত ব্ৰঞ্জৰ পদক দখল কৰে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ সময়ত হোৱা আঘাতৰ বাবে মূৰত বেণ্ডেজ লগাই মল্লযুঁজত অৱতীর্ণ হোৱা বজৰং পুনিয়াই পুয়েৰ্টো ৰিকোৰ চেবাষ্টিয়ান ৰিভেৰাৰ বিৰুদ্ধে এক উত্তেজনাপূৰ্ণ মেচত জয়লাভ কৰে ৷ বিশ্ব চেম্পিয়নশ্বিপত বজৰঙৰ এইটো আচিল চতুৰ্থটো পদক । ২০১৮ চনত ৰূপ ,২০১৩ আৰু ২০১৯ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল পুনিয়াই ৷
ইয়াৰ পূৰ্বে তেওঁ প্ৰথম পিৰিয়ডৰ শেষত ৪-১ গ’লত পৰাস্ত হৈ ২৩ বছৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী ভাজগেন টেভানিয়ানৰ বিৰুদ্ধে ৭-৬ ছেটত জয়লাভ কৰিছিল। শনিবাৰে ২০১৮ আৰু ২০২২ চনৰ কমনৱেলথত সোণৰ পদক লাভ কৰা বজৰঙে কিউবাৰ দুবাৰৰ বিশ্ব ব্ৰঞ্জৰ পদক বিজয়ী আলেজান্দ্ৰ’ ভালডেছৰ বিৰুদ্ধে ৫-৪ ছেটত জয়লাভ কৰি আৰম্ভণি কৰে। পুনিয়াই পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িলেও তেওঁ আঘাত পাইছিল আৰু মূৰত বেণ্ডেজ লগাই পৰৱৰ্তী ৰাউণ্ডত যুঁজিবলগীয়া হৈছিল।