আমেৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ মেচত পৰাজিত হৈছে বাংলাদেশ ৷ আগন্তুক টি-২০ বিশ্বকাপৰ অন্যতম আয়োজকে এখন মেচ বাকী থকা অৱস্থাত ছিৰিজৰ জয় নিশ্চিত কৰে। দ্বিতীয়খন টি-২০ মেচত ছাকিব আল হাছানৰ দলটোক আমেৰিকাৰ হাতত ৬ ৰানত পৰাস্ত হয়।
বাংলাদেশে আমেৰিকাৰ বিৰুদ্ধে সম্পূৰ্ণ ২০ অভাৰ বেটিং কৰিব নোৱাৰিলে। ১৯.৩ অভাৰত বাংলাদেশৰ ইনিংছ সমাপ্ত হয়। বৃহস্পতিবাৰে প্ৰথমে বেটিং কৰি আমেৰিকাই ৬ উইকেটত ১৪৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত বাংলাদেশৰ ইনিংছ ১৩৮ ৰানেৰে সমাপ্ত হয়। বাংলাদেশৰ অধিনায়ক নাজমুল হোছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷আমেৰিকাৰ হৈ অ’পেনাৰ ষ্টিভ টেইলৰ আৰু মনাংক পেটেলে আক্ৰমণাত্মক ভাৱে আৰম্ভণি কৰে। টেইলৰে ২৮টা বলত ৩১ ৰান সংগ্ৰহ কৰে। অধিনায়ক মনাংকে ৩৮টা বলত ৪২ ৰানৰ ইনিংছ খেলে ৷
বাংলাদেশৰ সফল বলাৰ ৰিছাদ হোছেইনে ২১ ৰানত ২ উইকেট দখল কৰে। শ্বৰিফুল ইছলামে ২৯ ৰানত ২ উইকেট আৰু মুস্তাফিজুৰ ৰহমানে ৩১ ৰানেৰে ২টা উইকেট দখল কৰে। ৩৫ ৰানৰ বিনিময়ত এটা উইকেট নাপালে ছাকিবে।
১৪৫ ৰানৰ লক্ষ্যৰে বেটিং কৰি বাংলাদেশে প্ৰথম অভাৰতে সৌম্য চৰকাৰৰ (শূন্য) উইকেট হেৰুৱাই পেলায়। আন এজন অ’পেনাৰ তাঞ্জিদ হাছানে ১৫টা বলত ১৯ ৰান সংগ্ৰহ কৰে। আমেৰিকাৰ সফল বলাৰ আলী খানে ২৫ ৰানত ৩ উইকেট দখল কৰি মেচখনৰ মেন অৱ দ্য মেচ লাভ কৰে। সৌৰভ নেত্ৰভলকাৰে ১৫ ৰানত ২টা উইকেট দখল কৰে। ২১ ৰানত ২ উইকেট শ্বেডলী ভ্যান শ্বালৱিক। ইয়াৰ উপৰিও ক’ৰী এণ্ডাৰছনে ১১ ৰানত ১ উইকেট আৰু জছদীপ সিঙে ২০ ৰানত ১ উইকেট দখল কৰে।
তিনিখন খেলৰ শৃংখলাৰ প্ৰথম দুখন মেচত আমেৰিকাই জয়লাভ কৰে। ২৫ মে’ শনিবাৰে অনুষ্ঠিত হ’ব এই শৃংখলাৰ তৃতীয়খন মেচ। আমেৰিকাৰ হাতত ছিৰিজৰ পৰাজয়ৰ ফলত টি-২০ বিশ্বকাপৰ পূৰ্বে বাংলাদেশ দলৰ ফৰ্মক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷