বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছৰ পিছতেই বাংলাদেশৰ টেবুল টেনিছ ফেডাৰেছনৰ এটি সিদ্ধান্তই প্ৰভাৱ পেলাইছে সমগ্ৰ বিশ্বৰ ক্ৰীড়া জগতত ৷
শেহতীয়াকৈ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত আন্তঃৰাষ্ট্ৰীয় ও ঘৰুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা নিষিদ্ধ কৰা হ’ল বাংলাদেশৰ দুই আন্তঃৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ সোনম চুলতানা সোমা আৰু সাদিয়া আক্তাৰ মৌক ৷ জানিবপৰা মতে দুয়োগৰাকী টেনিছ তাৰকাকে ক্ৰমান্বয়ে তিনি আৰু দুবছৰৰ বাবে নিষিদ্ধ কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় ও ঘৰুৱা প্ৰতিযোগিতাৰ পৰা ৷
উল্লেখযোগ্য যে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ খেলসমূহ এৰি লণ্ডনৰ আত্মীয় সকলক লগ কৰিবলৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে দুয়ো গৰাকী খেলুৱৈৰ বিৰুদ্ধে ৷ আনহাতে বাংলাদেশৰ টেবুল টেনিছ ফেডাৰেছনৰ সাধাৰণ সম্পাদক শ্বেখ মহম্মদ জাহাংগীৰ আলমে জানিবলৈ দিয়া মতে তেওঁলোকে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ৫আগষ্টত খেলিবলগীয়া মেচসমূহলৈ পিঠি দি দুয়োগৰাকী খেলুৱৈয়ে দেশৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে কাৰ্যকৰী সমিতিৰ বৈঠক মৰ্মে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অৱশ্যে তেওঁলোকে জানিবলৈ দিয়া মতে খেলুৱৈ দুগৰাকীৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত ফেডাৰেছনৰ তৰফৰপৰা দুয়োলৈ স্পষ্টীকৰণৰ বাবে এক জাননী জাৰি কৰা হৈছিল যদিও খেলুৱৈ দুগৰাকীয়ে জাননীৰ কোনো উত্তৰ নিদিয়াত তেওঁলোকক নিষিদ্ধ কৰিবলৈ বাধ্য হয় বাংলাদেশ টেনিছ ফেডাৰেছন ৷