বিচিচিআইয়ে বৃহস্পতিবাৰে আগন্তুক আইচিচি মহিলা বিশ্বকাপ আৰু নিউজিলেণ্ড শৃংখলাৰ বাবে ভাৰতৰ মহিলা দল ঘোষণা কৰিছে । ঘোষণা কৰা দলটোত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই বেটচমেন জেমিমা ৰড্ৰিগছে ৷ ১৫ জনীয়া দলটোক নেতৃত্ব দিব মিথালী ৰাজে ৷ উপ অধিনায়ক হিচাপে থাকিব হৰমনপ্ৰীত কৌৰ ৷ শিখা পাণ্ডেও ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল ৷ ইয়াৰ বিপৰীতে স্নেহ ৰাণাই বিগত বর্ষত দেখুওৱা প্ৰদর্শনৰ বাবে দলটোত নিজৰ স্থান সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হয় ৷ টীম ইণ্ডিয়াই অহা ৬ মার্চত তৌৰাঙ্গৰ বে অভেলত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম খন বিশ্বকাপ মেচ খেলিব। তদুপৰি দলটোৱে অহা ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে ৫ খন মেচ খেলিব ৷মহিলা বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলাৰ পিছত ভাৰতে গ্ৰুপ পৰ্যায়ত ১০ মার্চত নিউজিলেণ্ড , ১২ মার্চত ৱেষ্ট ইণ্ডিজ ,১৬ মার্চত ইংলেণ্ড ,১৯মার্চত অষ্ট্ৰেলিয়া ,২২ মার্চত বাংলাদেশ আৰু ২৭ মার্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ।
মহিলা বিশ্বকাপ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া দলঃ
মিথালী ৰাজ (অধিনায়ক), হৰমনপ্ৰীত কৌৰ (উপ-অধিনায়ক), স্মৃতি মান্ধানা, ছেফালী বাৰ্মা, ইয়ছতিকা ভাটিয়া, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেট-ৰক্ষক), স্নেহ ৰাণা, জুলন গোস্বামী, পূজা বস্ত্ৰকাৰ, মেঘনা সিং ঠাকুৰ, তানিয়া ভাটিয়া (উইকেট-ৰক্ষক), ৰাজেশ্বৰী গাইকোৱাদ আৰু পুণম যাদৱ
ষ্টেণ্ডবাই খেলুৱৈ: চাভিনেনি মেঘনা, একতা বিষ্ট, চিমৰণ দিল বাহাদুৰ।
বিচিচিআইয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ৯ ফেব্ৰুৱাৰীত খেলিবলগীয়া টি-২০ ৰ বাবেও ১৬ জনীয়া দলঘোষণা কৰিছে ৷
টি-২০ৰ বাবে ভাৰতীয় মহিলা দল: হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), ছেফালী বাৰ্মা, ইয়াস্তিকা ভাটিয়া, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেট-ৰক্ষক), স্নেহ ৰাণা, পূজা বস্ত্ৰকাৰ, মেঘনা সিং, ৰেণুকা সিং ঠাকুৰ, তানিয়া ভাটিয়া (উইকেট-ৰক্ষক), ৰাজেশ্বৰী গায়কোৱাড, পুনম যাদৱ, একতা বিষ্ট, এছ মেঘনা, চিমৰণ দিল বাহাদুৰ।