মাত্ৰ আৰু কেইমাহমান অপেক্ষা। ইয়াৰ পিছত ভাৰতৰ মাটিত আৰম্ভ হ’ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ। ১২ বছৰৰ পাছত দেশৰ মাটিত পুনৰ আয়োজন কৰা হৈছে ৫০ অভাৰৰ বিশ্বকাপ। এই উপলক্ষে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে । একাধিক ষ্টেডিয়াম সজাই তোলা হ’ব। ইয়াৰ বাবে ব’ৰ্ডে ৫০০ কোটিৰো অধিক টকা ব্যয় কৰিব ৷
বিগত ১০ বছৰত বিচিচিআইয়ে ক্ৰিকেটৰ পৰা বহু টকা উপাৰ্জন কৰিছে। বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড। কিন্তু বাৰে বাৰে সমৰ্থকসকলে এটা কথাত অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। সেইটো হ’ল ষ্টেডিয়ামত সাধাৰণ সুবিধা উপলব্ধ নোহোৱাকলৈ ৷ ভাৰত-অষ্ট্ৰেলিয়া ছিৰিজৰ সময়ত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামৰ অপৰিষ্কাৰ শৌচাগাৰৰ বাবে ক্ষুব্ধ হৈ পৰিছিল এজন ব্যক্তি। ইয়াৰ পিছতে ষ্টেডিয়ামৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি ব’ৰ্ড সক্ৰিয় হৈ পৰে।
বিশ্বকাপ ৰাজধানীৰ মাজমজিয়াত অনুষ্ঠিত হ’ব খেল ৷ আনকি ভাৰতৰ মেচও হ’ব পাৰে। দিল্লীৰ বাহিৰেও হায়দৰাবাদ, কলকাতা, মোহালী আৰু মুম্বাইৰ ষ্টেডিয়াম উন্নয়নৰ বাবে বহু ধন ব্যয় কৰা হ’ব। প্ৰসংগক্ৰমে মুম্বাইৰ শৌচাগাৰসমূহো অস্বাস্থ্যকৰ বুলি অভিযোগ উত্থাপন কৰাৰ পিছত যোৱা মাহত পুনৰ নিৰ্মাণ কৰা হৈছিল।
ব’ৰ্ডৰ সূত্ৰ অনুসৰি দিল্লীৰ বাবে ১০০ কোটি, হায়দৰাবাদৰ বাবে ১১৭.১৭ কোটি, কলকাতাৰ ইডেন গাৰ্ডেনৰ বাবে ১২৭.৪৭ কোটি, মোহলীৰ বাবে ৭৯.৪৬ কোটি, মুম্বাইৰ বাবে ৭৮.৮২ কোটি টকা আবণ্টন দিয়া হৈছে। যদিহে ষ্টেডিয়ামৰ চাল উন্নত কৰিব লাগে তেন্তে খৰচ আৰু অধিক বৃদ্ধি পাব।
দেশৰ মুঠ ১২খন চহৰত এদিনীয়া বিশ্বকাপৰ আয়োজন কৰা হ’ব। ৪৬ দিন অব্যাহত থাকিব এই প্ৰতিযোগিতা। মুঠ ৪৮খন মেচ অনুষ্ঠিত হ’ব।