২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল। প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। আই পি এলৰ পূৰ্বে দেশলৈ ঘূৰি আহিছে বিৰাট কোহলি। পত্নী অনুষ্কা শৰ্মা আৰু কন্যা ভামিকাক লৈ দ্বিতীয় সন্তান জন্মৰ বাবে লণ্ডনলৈ গৈছিল তেওঁ । লণ্ডনত কেইবাদিনো কটোৱাৰ পাছত আই পি এল খেলৰ বাবে দেওবাৰে পুৱা পত্নী আৰু দুটা সন্তানৰ সৈতে ঘৰলৈ উভতি আহে বিৰাট। ইতিমধ্যে তেওঁ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। কেৱল ক্ৰিকেটৰ প্ৰস্তুতি নহয়, আই পি এলৰ পূৰ্বেও বিৰাটে নিজৰ চেহেৰাৰো এক বৃহৎ পৰিৱৰ্তন আনিছে।
বিৰাট কেৱল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপেই নহয়, ‘ষ্টাইল আইকন’ হিচাপেও বিখ্যাত। বাৰে বাৰে চুলি আৰু দাড়িৰ ষ্টাইল সলনি কৰে। আৰু সেই সকলোবোৰ দেখি তেওঁৰ ডেকা অনুৰাগীৰ চুলি কটাও সলনি হৈ গ’ল। শেহতীয়াকৈ জনপ্ৰিয় হেয়াৰ ষ্টাইলিষ্ট আলীম হাকিমে নিজৰ ইনষ্টাগ্ৰামত এক অতি নতুন ৰূপ শ্বেয়াৰ কৰিছে। বিৰাটৰ নতুন ৰূপৰ ছবিৰ তলত আলিমে লিখিছে, “একক আৰু একমাত্ৰ কিং কোহলী”।
১৫ ফেব্ৰুৱাৰীত দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হৈছিল বিৰাট-অনুষ্কা। পুত্ৰ জন্মৰ পিছত কোহলিয়ে পত্নী অনুষ্কা, কন্যা ভামিকা আৰু পুত্ৰ অকয়ৰ সৈতে প্ৰায় এমাহ কটায়। দীৰ্ঘদিনীয়া ছুটীৰ অন্তত ঘৰলৈ উভতি অহাৰ পাছত বিৰাটক দেখি প্ৰত্যক্ষদৰ্শীসকল অতিশয় আপ্লুত হৈছিল। বেংগালুৰুৱে এতিয়াও আই পি এলৰ জয়ৰ সোৱাদ ল’ব পৰা নাই। বিৰাটৰ অনুৰাগীসকলে এইবাৰ ভাল ফলাফলৰ আশা কৰিছে।