যশস্বী টেনিছ তাৰকা ৰোহন বোপান্নাৰ অধীনত প্ৰশিক্ষণ লাভৰ সুযোগ পাব ৰাজ্যৰ মাজুলী আৰু বঙাইগাঁৱৰ একাংশ শিশুৱে ৷ অভাৱগ্ৰস্ত শিশুক সবলীকৰণৰ লক্ষ্যৰে ভাৰতৰ শীৰ্ষ টেনিছ খেলুৱৈ ৰোহন বোপান্নাই অসমৰ মাজুলী দ্বীপ আৰু বঙাইগাঁৱৰ দুৰ্গম অঞ্চলৰ পৰা এনে ২৫টা শিশুক বাছি লৈছে ৷
ৰোহন বোপান্না টেনিছ একাডেমী (আৰ বি টি এ) আৰু কমল ইণ্ডিয়া ফাউণ্ডেশ্যন, ব্ৰিটেইনৰ সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে ৯ৰ পৰা ১১ বছৰৰ ভিতৰৰ নিৰ্বাচিত শিশুসকলক বিস্তৃত টেনিছ প্ৰশিক্ষণ প্ৰদান কৰিব।দক্ষতা আৰু ফিটনেছ মূল্যায়ন প্ৰক্ৰিয়াৰ মাজেৰে শিশুসকলক বাচনি কৰা হৈছিল ৷ নিৰ্বাচিত খেলুৱৈসকলে বেংগালুৰুলৈ স্থানান্তৰিত কৰা হ’ব ৷ য’ত তেওঁলোকক অত্যাধুনিক আন্তঃগাঁথনি, বিশ্বমানৰ টেনিছ পাঠ্যক্ৰম, অভিজ্ঞ প্ৰশিক্ষক, বিদ্যালয় চৌহদৰ ভিতৰত থকা-খোৱাৰ ব্যৱস্থা, শিক্ষা লাভ কৰিব ৷ এই শিশুসকলক বোপান্নাই নিজেই চোৱাচিতা কৰিব ৷
বোপান্নাৰ উদ্ধৃতিৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, “আমি কমল ইণ্ডিয়া ফাউণ্ডেশ্যন ইউ কেৰ সৈতে অংশীদাৰিত্ব কৰি প্ৰতিভাৱানসকলৰ বাবে এই পৰিৱৰ্তনশীল সুযোগ আনিবলৈ পাই ৰোমাঞ্চিত হৈছো, যিসকলে হয়তো অন্যথা এনে সম্পদৰ সুবিধা লাভ কৰিব পৰা নাছিল।”বোপান্নাই কয় যে এই কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকৰ এথলেটিক প্ৰতিভাক বিকাশ কৰাই নহয়, তেওঁলোকৰ ভৱিষ্যত গঢ় দিয়া শিক্ষা আৰু জীৱন দক্ষতাৰে সবলীকৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে ৷