নিউজিলেণ্ডৰ বেগী বলাৰ নীল ৱেগনাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীয়ে নিউজিলেণ্ডৰ হৈ ৬৪খন টেষ্ট খেলিছে। তেওঁ কেতিয়াও দেশৰ হৈ এদিনীয়া ক্ৰিকেট খেলাৰ সুযোগ নাপালে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ঘোষণা কৰা দলটো তেওঁক অন্তভুর্ক্ত কৰা হোৱা নাছিল ৷ নিৰ্বাচকসকলৰ পৰা বিষয়টো শুনাৰ পিছত সোমবাৰে ৱেগনাৰে ভাঙি পৰে। ইয়াৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ সিদ্ধান্ত লয়। ফলত এই মাহত হেমিল্টনত জন্মভূমি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট খেলখন তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্তিমখন খেল হৈ ৰ’ল ৷নিউজিলেণ্ডৰ প্ৰশিক্ষক গেৰী ষ্টিভছৰ সৈতে কথা পাতি ৱেগনাৰে অৱসৰৰ কথা ঘোষণা কৰে।
অৱসৰৰ কথা ঘোষণা কৰাৰ সময়ত ৩৭ বছৰীয়া শক্তিশালী বলাৰগৰাকীয়ে কান্দোনত ভাগি পৰে । তেওঁ কয়-, “ ব্লেক কেপছৰ হৈ টেষ্ট ক্ৰিকেটৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছো। আমি দল হিচাপে যিখিনি অৰ্জন কৰিছো তাক লৈ মই গৌৰৱান্বিত।”
২০০৮ চনত দক্ষিণ আফ্ৰিকা এৰি ৱেগনাৰে ঘৰুৱা ক্ৰিকেট খেলিবলৈ নিউজিলেণ্ডৰ ডুনেডিনলৈ গুচি যায়। ২০১২ চনত নিউজিলেণ্ডৰ হৈ তেওঁ অভিষেক ঘটায়। তেওঁৰ হাতত আছে ২৬০টা টেষ্ট উইকেট।