শ্ৰীলংকাৰ বিৰুদ্ধে হোৱাইট বল ছিৰিজৰ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শুভমন গিলক। সেই দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছে হাৰ্দিক পাণ্ডিয়াক। এইবাৰ যশপ্ৰীত বুমৰাহকো আঁতৰাই দিয়া হ’ব পাৰে। টেষ্ট ক্ৰিকেটত ভাৰতৰ উপ অধিনায়ক বুমৰাহ। তেওঁক অপসাৰণ কৰি শুভমনক ৰেডবল ক্ৰিকেটতো উপ অধিনায়কৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে ৷
২৪ বছৰৰ শুভমনৰ ওপৰত নিৰ্ভৰ কৰিছে গম্ভীৰে। শ্ৰীলংকালৈ যোৱাৰ পূৰ্বে সংবাদমেলত ভাৰতৰ নতুন প্ৰশিক্ষকে কয় যে শুভমনে সকলো ফৰ্মেটতে নিয়মীয়াকৈ খেলাটো বিচাৰে। শুভমনক উপ অধিনায়ক কৰি তেওঁৰ দায়িত্ব বৃদ্ধি কৰিব বিচাৰিছে গম্ভীৰে ৷ আগন্তুক দিনত তেওঁকে ভাৰতৰ অধিনায়ক হিচাপে চাব বিচাৰে গম্ভীৰে ৷
ভাৰতৰ পৰৱৰ্তী টেষ্ট শৃংখলা বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । তাতেই শুভমনক উপ অধিনায়কৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে ৷ বিৰাট কোহলীয়ে টেষ্ট দলৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছতে ৰোহিতক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। সেই সময়ত বুমৰাহক উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত ৰোহিতৰ অনুপস্থিতিতো বুমৰাহে অগ্ৰগতি লাভ কৰে। কিন্তু ব’ৰ্ডৰ সূত্ৰ অনুসৰি অনাগত দিনত তেওঁক টেষ্টত উপ অধিনায়ক হিচাপে দেখা নাযাব।
১৯ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট। সেই মেচখন হ’ব চেন্নাইত। কানপুৰত দ্বিতীয়খন খেল হ’ব । ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই টেষ্ট মেচ । ভাৰত-বাংলাদেশে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব। বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত এক নম্বৰ স্থানত আছে ভাৰত। বাংলাদেশক পৰাস্ত কৰি ভাৰতে সেই স্থান অক্ষুণ্ণ ৰাখি আই চি চি ৰেংকিঙত এক নম্বৰ স্থান লাভ কৰাৰ সুযোগ লাভ কৰিব।