এদিন পূৰ্বে আই পি এলত কেমেৰামেনৰ ওপৰত খং উঠিছিল মহেন্দ্ৰ সিং ধোনীৰ। পিছদিনা আন এখন মেচত আই পি এলৰ কেমেৰামেনৰ ওচৰত ক্ষমা খুজিলে ঋষভ পণ্টে। দুয়োটা বিষয় অৱশ্যে পৃথক।
বুধবাৰে দিল্লী বনাম গুজৰাটৰ খেলখনত পণ্টে ভাল খেল প্ৰদৰ্শন কৰে। তেওঁ ৪৩টা বলত ৮৮ ৰান সংগ্ৰহ কৰি দলটো জয় কৰাৰ অন্যতম ভূমিকা পালন কৰিছিল। সেই মেচত পণ্টৰ এটা শ্বটে কেমেৰামেনক খুন্দা মাৰিলে। খেলৰ অন্তত প্ৰশিক্ষক ৰিকি পণ্টিঙৰ সৈতে কেমেৰামেনৰ ওচৰত পণ্টে ক্ষমা বিচাৰে।
আইপিএলে পোষ্ট কৰিছে এটা ভিডিঅ’। তাতে পণ্টে কেমেৰামেনক এইদৰে কয় – “ছ’ৰী দেবাশীষ ভাই। তোমাক আঘাত দিয়াৰ মোৰ কোনো উদ্দেশ্য নাছিল। আশাকৰোঁ সোনকালে ভাল হ’ব। ভৱিষ্যতৰ বাবে শুভেচ্ছা থাকিল।” আই পি এলৰ তথ্য অনুসৰি বি চি চি আইৰ প্ৰডাকচন টিমৰ এজন সদস্য ঋষভ পণ্টৰ শ্বটত আঘাতপ্ৰাপ্ত হয়।
মঙলবাৰে দেখা গৈছিল আন এক ঘটনা। কেমেৰামেনে ধোনীৰ দিশলৈ কেমেৰা ৰখাত সুখী নহ’ল প্ৰাক্তন অধিনায়কগৰাকী। খেলৰ সময়ত মানুহৰ চকু বাৰে বাৰে তেওঁৰ ফালে যোৱাটো ধোনীয়ে নিবিচাৰে। মঙলবাৰে ধোনীয়ে পানীৰ বটল এটা তুলি লৈ পানী খাবলৈ বিচৰাৰ সময়তে গম পায় যে কেমেৰাটো তেওঁৰ দিশে আছে। তাৰ পিছত একেটা পানীৰ বটল কেমেৰামেনৰ ফালে নিক্ষেপ কৰা দেখা যায় ধোনীক । লগে লগে কেমেৰাটো ধোনীৰ পৰা আঁতৰাই দিয়া হ’ল। ধোনীৰ খং উঠিলেও এই ভিডিঅ’টোৱে অনুৰাগীক আমোদ দিছিল।