দক্ষিণ পূব এছিয়াৰ সৈতে সম্পর্ক অধিক সুদৃঢ় কৰি তোলাৰ উদ্দেশ্যৰে নর্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনেচনেল ট্রেড সংগঠনে চতুর্থ বাৰৰ বাবে আয়োজন কৰিছে এছিয়ান কাৰ ৰেলী। ভূটান, নেপাল, বাংলাদেশ সামৰি ল’ব কাৰ ৰেলীয়ে ৷ বিআইবিএন ফ্ৰেইণ্ডশ্চিপ কাৰ ৰেলী নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছে ৷
অহা ২৮ ছেপ্টেম্বৰত গুৱাহাটী নেহৰু ষ্টেডিয়ামত পুৱা ৭ বজাত এই কাৰ ৰেলীৰ ফ্লেগ অফ কৰা হ’ব ৷ কাৰ ৰেলী গুৱাহীৰ পৰা গেলেংফুৰ দাদগিৰি ভূ-বন্দৰেদি ভূটানত প্ৰবেশ কৰিব। তাৰ পৰা ভূটানৰ ৰাজধানী থিম্পু ফুন্টচিলিং হৈ জয়গাওঁ ভূ-বন্দৰেদি ৩০ ছেপ্টেম্বৰত ভাৰতত প্ৰবেশ কৰিব।
১ অক্টোবৰৰ পুৱা এই কাৰ ৰেলী শিলিগুৰিৰ পৰা নেপালৰ কাকৰবিট্টাৰ পানী টেংকি ভূ – বন্দৰেদি নেপালত সোমাব। তাৰ পৰা মিথিলা হৈ কাঠমাণ্ডুত উপস্থিত হ’ব এই ৰেলী। নেপাল পৰিক্ৰমা সামৰি অহা ৬ অক্টোবৰত গাড়ীসমূহ শিলিগুৰিত উপস্থিত হ’বহি। ৯ অক্টোবৰৰ দিনা সন্ধিয়া কাৰ ৰেলীৰ গুৱাহাটীত উপস্থিত হ’ব। এই আন্তর্জাতিক কাৰ ৰেলীয়ে প্ৰায় ৩,০০০ কিলোমিটাৰ পথ সামৰি ল’ব ৷
২০১২ আৰু ২০১৬ চনতো গুৱাহাটীৰ পৰা বেংককলৈ এছিয়ান কাৰ ৰেলীৰ আয়োজন কৰা হৈছিল ৷ আন্তর্জাতিক কাৰ ৰেলীৰ নেতৃত্বত থাকিব গুৱাহাটী আই আইটিৰ ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অনুপ গগৈ আৰু নেফিটৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱা ৷ বিভিন্ন দিশত সহযোগিতা কৰিছে ভাৰত চৰকাৰৰ বিদেশ পৰিক্ৰমা মন্ত্রালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, অসম চৰকাৰ, মেঘালয় চৰকাৰ, পশ্চিম বংগ চৰকাৰৰ লগতে ভূটান – নেপাল বাংলাদেশ চৰকাৰে ৷