ক্ৰিকেটৰ ক্ষেত্ৰখনত সাফল্যৰে অসমলৈ সুনাম কঢ়িয়াই অনা মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীক আজি সম্বর্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ আজি জনতা ভৱনত মুখ্যমন্ত্ৰী গৰাকীয়ে উমা চেত্ৰীক সম্ভর্ধনা জ্ঞাপন কৰাৰ লগতে ১০ লাখ টকাৰ চেক প্ৰদান কৰে ৷ এই অনুষ্ঠানত ক্ৰীড়ামন্ত্ৰীকে ধৰি কেইবাগৰাকীয়ো মন্ত্ৰী উপস্থিত থাকে ৷
উল্লেখ্য যে উমা চেত্ৰীৰ ঘৰ হৈছে অসমৰ গোলাঘাট জিলাৰ বোকাখাত সংমণ্ডলৰ কান্দুলিমাৰী গাঁৱত। তেওঁ স্কুলীয়া শিক্ষা বোকাখাত হিন্দী হাইস্কুলত গ্ৰহণ কৰে । তেওঁ অসমৰ পৰা ভাৰতীয় দলত স্থান লাভ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ ৷যোৱা জুলাই মাহত উমাই ভাৰতীয় মহিলা দলৰ হৈ বাংলাদেশ ভ্ৰমণলৈ অভিষেক ঘটায়।ইয়াৰ পাছতে হংকঙত অনুষ্ঠিত হোৱা ২৩ বছৰ অনুৰ্ধ ইমাৰ্জিং এছিয়া কাপত বাংলাদেশক পৰাস্ত কৰি ফাইনেলত পৰাস্ত কৰা ইণ্ডিয়া এ দলৰ অংশ আছিল উমা চেত্ৰী ।