শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতে ঘোষণা কৰিলে টি-২০ আৰু এদিনীয়া দল। দুয়োটা দলতে স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে ৷ শেহতীয়াকৈ ভাৰতীয় দলত অন্তভূর্ক্ত হোৱাৰ পাছত তেওঁ জিম্বাবুৱেৰ বিৰুদ্ধে খেলিছিল ৷ পুনৰ তেওঁক শ্ৰীলংকা ভ্ৰমণৰ বাবে অন্তভূর্ক্ত কৰা হৈছে ৷ নতুন প্ৰশিক্ষক গৌতম গম্ভীৰৰ নেতৃত্বত খেলিব ভাৰতীয় দলটোৱে ৷
টি-২০ শৃংখলাত সূৰ্যকুমাৰ যাদৱক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। এদিনীয়া দলত খেলিব ৰোহিত শৰ্মা, বিৰাট কোহলিয়ে। ২৭ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন খেল অনুষ্ঠিত হ’ব । ভাৰতৰ শ্ৰীলংকা ভ্ৰমণৰ আৰম্ভণি হ’ব টি-২০ খেলেৰে । যশপ্ৰীত বুমৰাহক জিৰণি দিয়া হৈছে।
এদিনীয়া দলটোৰ অধিনায়ক ৰোহিত শর্মা । ফাইনেলত সূৰ্যকুমাৰৰ কেচেৰে ভাৰতে বিশ্বকাপ জয় কৰে। টি-২০ত দলটোৰ নেতৃত্ব এইবাৰ তেওঁৰ কান্ধত। শুভমনক টি-২০ আৰু এদিনীয়া দলৰ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। অৰ্থাৎ হাৰ্দিক পাণ্ডিয়াক এতিয়া অধিনায়ক বুলি ভবা নহয়। যদিও হাৰ্দিক টি-২০ দলত আছিল, তথাপিও তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া হোৱা নাছিল। টি-২০ বিশ্বকাপৰ উপ অধিনায়ক আছিল।
টি-২০ বিশ্বকাপৰ পাছত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতে খেলিছিল। সেই দলত যুৱ ক্ৰিকেটাৰক স্থান দিয়া হৈছিল। জ্যেষ্ঠসকলক জিৰণি দিয়া হৈছিল। টি-২০ বিশ্বকাপৰ ৰিজাৰ্ভ দলত থকা ৰিংকু সিং, খলিল আহমেদ আৰু শুভমন গিলক মূল দলত স্থান দিয়া হৈছে ৷
টি-২০ত অধিনায়ক হোৱাৰ পাছতো সূৰ্যকুমাৰে এদিনীয়া দলত স্থান নাপালে। ৫০ অভাৰৰ দলতো নাই হাৰ্দিক। অৱশ্যে বাৰ্ষিক চুক্তিৰ বাহিৰত থকা শ্ৰেয়াছ আয়াৰক পুনৰ দললৈ অনা হৈছে। দললৈ উভতি আহিছে লোকেশ ৰাহুল।
ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু ৩খন এদিনীয়া খেলিব। ২৭ জুলাইৰ পৰা আৰম্ভ হ’ব টি২০ ছিৰিজ। অহা ২৭, ২৮ আৰু ৩০ জুলাইত অনুষ্ঠিত হ’ব এই মেচ। ২ আগষ্টৰ পৰা আৰম্ভ হ’ব এদিনীয়া ছিৰিজ। বাকী দুখন এদিনীয়া মেচ ৪ আৰু ৭ আগষ্টত অনুষ্ঠিত হ’ব ।
এদিনীয়া দল: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), বিৰাট কোহলী, লোকেশ ৰাহুল, ঋষভ পন্ত (উইকেটকীপাৰ), শ্ৰেয়াছ আয়েৰ, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, আৰ্শদীপ সিং, ৰিয়ান পৰাগ , অক্ষৰ পেটেল, খলিল আহমেদ আৰু হৰ্ষিত ৰাণা।
টি-২০ দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), যশস্বী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আৰ্ছদীপ সিং, খলিল আহমেদ আৰু মহম্মদ চিৰাজ।