আকৌ এবাৰ ডাইমণ্ড লীগত শ্ৰেষ্ঠত্ব অর্জন কৰিছে নীৰজ চোপ্ৰাই। ভাৰতৰ অলিম্পিক পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰগৰাকীয়ে আঘাতৰ পৰা উভতি আহি ল’জান ডাইমণ্ড লীগৰ শীৰ্ষস্থান দখল কৰে। টকিঅ’ অলিম্পিকত নীৰজে স্বৰ্ণ পদক লাভ কৰে। বিগত এমাহ ধৰি আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত আছিল তেওঁ ।
ইয়াৰ পূৰ্বে ২৫ বছৰীয়া নীৰজে ডোহা ডাইমণ্ড লীগত শ্ৰেষ্ঠ স্থান দখল কৰিছিল। ইয়াৰ পিছত তেওঁ আঘাতৰ বাবে ইখনৰ পিছত সিখন প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয়। ডাইমণ্ড লীগত আকৌ উভতি আহে। তাত নীৰজে শ্ৰেষ্ঠত্ব লাভ কৰে । তেওঁ কয় ‘ আঘাতৰ পৰা সুস্থ হৈ উঠিবলৈ বহুত মানসিক চাপৰ সৃষ্টি হৈছিল। ইয়াত যথেষ্ট ঠাণ্ডা। মই যে আগৰ তুলনাত সুস্থ হৈ পৰিছো সেই কথা উপলব্ধি কৰিছো। মই মোৰ শ্ৰেষ্ঠখিনি দিব নোৱাৰিলোঁ। কিন্তু জয়ী হ’লে ভাল লাগে। ই মোক আত্মবিশ্বাস দিব।”
নীৰজে ৮৭.৬৬ মিটাৰ দূৰত্বত জেভলিন নিক্ষেপ কৰি স্বৰ্ণৰ পদক অৰ্জন কৰে। যিটোত তেওঁ সুখী নহয়। নীৰজে ক’লে, “মই পুনৰ অনুশীলন কৰিবলৈ যাম। বহু কথা ঠিক কৰিব লাগিব। মই সেইবোৰ কৰিলে শক্তিশালী হৈ উভতি আহিম। আগতেও লুচিনত ভাল ৰিজাল্ট পাইছো। যোৱা বছৰো ইয়াত জয়ী হৈছিলো। এইবাৰো মই জিকিলোঁ। অহা বছৰো জয়ী হোৱাৰ আশা। এতিয়া লক্ষ্য বুডাপেষ্ট। মোৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান।”
যদিও নীৰজে আঘাতৰ পৰা সুস্থ হৈ উঠিছিল, তথাপিও স্পষ্ট হৈ পৰিছিল যে তেওঁৰ অলপ অস্বস্তি অনুভৱ হৈছে। সাধাৰণতে নীৰজৰ প্ৰথম থ্ৰ’টো আটাইতকৈ দূৰলৈ দলিয়াবলৈ সক্ষম হৈছে । কিন্তু আজিৰ দিনটোতে তেওঁৰ প্ৰথম থ্ৰ’ বাতিল কৰা হয়। দ্বিতীয় আৰু তৃতীয় থ্ৰ’ শুদ্ধ আছিল যদিও সেয়া আছিল ৮৩.৫২ আৰু ৮৫.০৪ মিটাৰ আছিল। কিন্তু তেওঁৰ চতুৰ্থ থ্ৰ’ও আউট হয়। পঞ্চম থ্ৰ’ আছিল ৮৭.৬৬ মিটাৰ। যিয়ে নীৰজৰ জয় কঢ়িয়াই আনে।
লং জাম্পত পঞ্চম স্থান দখল কৰে মুৰলী শংকৰে। ২৪ বছৰীয়া লং জাম্পাৰজনে ৭.৮৮ মিটাৰ জাম্প কৰে। পেৰিছত তৃতীয় স্থান লাভ কৰে। ইয়াৰ পূৰ্বে ৮.৪১ মিটাৰ জঁপিয়াই পৰা মুৰালীয়ে ল’জান ডাইমণ্ড লীগত নিজৰ শ্ৰেষ্ঠত্ব দিব পৰা নাছিল।