বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগাটৰ প্ৰতিবাদক লৈ চিন্তিত কৰি তুলিছে বিশ্ব মল্লযুঁজ ফেডাৰেচনক। মল্লযুঁজাৰুসকলৰ লগত কৰা ব্যৱহাৰক লৈ ক্ষুব্ধ হৈ পৰিছে ফেডাৰেচন । বহুদিনলৈ ইণ্ডিয়ান ভাৰতীয় মল্লযুঁজ ফেডাৰেচনত কোনো নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। এই দুটা কাৰণতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বর্খাস্ত ৰখাৰ হুংকাৰ দিছে বিশ্ব মল্লযুঁজ ফেডাৰেচনে।
জানুৱাৰী মাহত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে মল্লযুঁজৰ সংস্থাটোক নিলম্বন কৰাৰ পিছত বিশ্ব মল্লযুঁজ ফেডাৰেচনে কয় যে ৪৫ দিনৰ ভিতৰত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব লাগিব। কিন্তু ব্রিজভূষণ শৰণ সিঙৰ নেতৃত্বত ফেডাৰেচনে সেই আদেশ মানি নল’লে৷ ফলত এইবাৰ বিশ্ব মল্লযুঁজ সংস্থাই এক বিবৃতি প্ৰকাশ কৰিছে।
বিবৃতিটোত কোৱা হৈছে যে ৪৫ দিনৰ সময়সীমা দিয়া হৈছিল। কিন্তু ভাৰতীয় মল্লযুঁজ সংগঠনটোৱে এই কথাত সন্মতি নিদিলে। ফলত সংগঠনটোক বৰ্খাস্ত কৰা হ’ব পাৰে। এই সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰতিযোগীসকলে ভাৰতীয় পতাকাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।
বিশ্ব মল্লযুঁজ সংস্থাইও মল্লযুঁজাৰুৰ প্ৰতিবাদক লৈ এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতিত তেওঁলোকে কয় – “প্ৰতিবাদৰ সময়ত মল্লযুঁজাৰুসকলক যি ধৰণে হাৰাশাস্তি কৰা হৈছিল আৰু পিছত গ্ৰেপ্তাৰ কৰা হৈছিল সেয়া দেখি আমি চিন্তিত হৈছো।এমাহৰো অধিক সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মল্লযুঁজাৰুসকলে। চৰকাৰে তেওঁলোকৰ দাবী শুনি সেই অনুসৰি কাম কৰিব লাগে।”
ইফালে মঙলবাৰে পুৱা মল্লযুঁজাৰুসকলে হৰিদ্বাৰৰ গংগাত সকলো পদক বলিদান দিম বুলি সকীয়াই দিয়ে। বজৰং, সাক্ষী, বিনেশে দুপৰীয়া হৰিদ্বাৰত উপস্থিত হয় ৷অৱশ্যে তাৰ পিছত কৃষক নেতাসকলে তাত গৈ মল্লযুঁজাৰুসকলক পদক গংগাত বিসর্জন দিয়াত বাধা প্ৰদান কৰে । মল্লযুঁজাৰুসকলে কেন্দ্ৰক পাঁচ দিনৰ সময়সীমা দিছে। দাবী পূৰণ নকৰিলে পাঁচ দিনৰ পাছত পদক বিসর্জনৰ হুংকাৰ দিছে।