ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনু্ষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ পূর্বে ভাৰতীয় ক্ৰিকেট দলত এতিয়া ক’ভিডৰ আতংক ৷ চাৰি ক্ৰিকেটাৰসহ দলটোৰ ৭জন আক্ৰান্ত হৈছে ক’ভিডত ৷ শৃংখলাৰ পূর্বে আহমেদাবাদত উপস্থিত হোৱাৰ সময়তে ক্ৰিকেট টীমটোৰ ক’ভিড টেষ্ট কৰা হৈছিল ৷ ক’ভিড্ত আক্ৰান্ত হোৱা ক্ৰিকেটাৰ কেইজন হৈছে – অপেনাৰ শিখৰ ধাৱান আৰু ৰিতুৰাজ গাইকোৱাড , মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু বলাৰ নৱদীপ চাইনি ৷ বিচিচিআইয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই তথ্য সদৰী কৰিছে ৷ ক্ৰিকেটাৰ কেইজনৰ উপৰি ফিল্ডিং প্ৰশিক্ষক টি. দিলীপ আৰু নিৰাপত্তা যোগাযোগ বিষয়া বি লোকেছ ক’ভিডত আক্ৰান্ত হৈছে ৷ উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক তিনিখন এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ৩১ জানুৱাৰীত আহমেদাবাদত উপস্থিত হ’বলৈ নির্দেশ প্ৰদান কৰা হৈছিল প্ৰতিজন সদস্যক ৷ আহমেদাবাদলৈ যাত্ৰা আৰম্ভ কৰাৰ আগতে সকলোকে আৰটি-পিচিআৰ পৰীক্ষা কৰিবলৈ নির্দেশ প্ৰদান কৰিছিল বি চি চি আইয়ে ৷ এই পৰীক্ষাতে তেওঁলোকৰ ক’ভিড ধৰা পৰে ৷ চাৰিজন ক্ৰিকেটাৰ ক’ভিড পজিটিভ হোৱাৰ পাছত মায়ংক আগৰৱালক দলত অন্তর্ভুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছে ৷ অহা ৬ ফেব্ৰুৱাৰীৰ পৰা এই শৃংখলা অনুষ্ঠিত হ’ব ৷ আগন্তুক শৃংখলা ভাৰতীয় দলৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে ৷ কিয়নো আহমেদাবাদত ৬ ফেব্ৰুৱাৰীত খেলিবলগীয়া মেচখন হৈছে ভাৰতীয় ক্ৰিকেট টীমৰ ১০০০ তম এদিনীয়া মেচ ৷