বিশ্বকাপৰ সময়সূচী ঘোষণা হোৱাৰ লগে লগে আৰম্ভ হৈছে টিকটৰ সন্ধান। ২০১১ চনৰ পিছত ভাৰতত পুনৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব ৷ খেলপথাৰত বহি খেল উপভোগ কৰিবলৈ আগ্ৰহী দৰ্শক। কিন্তু কি কি টিকট পোৱা যায়? টিকট ক’ত কাটিব?ইয়াক লৈ অনুৰাগী উৎকণ্ঠিত হৈ পৰিছে ৷
এইবাৰ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। আহমেদাবাদত ইংলেণ্ড বনাম নিউজিলেণ্ডৰ খেলৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। কলকাতাত অনুষ্ঠিত হ’ব পাঁচখন খেল। ইয়াৰ ভিতৰত ভাৰত বনাম দক্ষিণ আফ্ৰিকা আৰু ছেমি ফাইনেল আটাইতকৈ ৰোমাঞ্চকৰ। পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনলৈও আগ্ৰহ প্ৰকাশ কৰিছে ক্ৰিকেটপ্ৰেমীয়ে । বিশ্বকাপৰ টিকট এতিয়াও বিক্ৰী হোৱা নাই। অহা মাহৰ পৰা বিক্ৰী আৰম্ভ হ’ব। বেছিভাগ টিকট অনলাইনত উপলব্ধ। আইচিচিৰ নিজা ৱেবছাইটত টিকট উপলব্ধ হ’ব । ইয়াৰ লগতে পেটিএম, বুক মাই শ্ব’ আদি এপতো টিকট উপলব্ধ।
টিকটৰ মূল্য ৫০০ টকাৰ পৰা আৰম্ভ হ’ব পাৰে। অৱশ্যে স্থানৰ ওপৰত নিৰ্ভৰ কৰি টিকটৰ মূল্য বেলেগ বেলেগ হ’ব পাৰে। এইবাৰ অনলাইন টিকট অধিক উপলব্ধ হ’ব বুলি কোৱা হৈছে। সেই টিকটসমূহ জুলাই মাহৰ পৰা উপলব্ধ হ’ব। কেতিয়া টিকট বিক্ৰী হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।সম্পূৰ্ণ আইচিচিয়ে নির্ধাৰণ কৰিব ৷ এপেক্স কমিটীৰ বৈঠকত আমি অনুৰোধ কৰিম যে টিকটৰ দাম সাধাৰণ মানুহে ক্ৰয় কৰিব পাৰে ৷
৮ অক্টোবৰত ভাৰতৰ প্ৰথমখন খেল। সেই মেচখন চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ভাৰতীয় দলৰ বাকী খেলসমূহ দিল্লী, আহমেদাবাদ, পুনে, ধৰ্মশালা, লক্ষ্ণৌ, মুম্বাই, কলকাতা আৰু বাংগালুৰুত অনুষ্ঠিত হ’ব । এই বিশ্বকাপ ১০খন খেলপথাৰত অনুষ্ঠিত হ’ব।
বিশ্বকাপ আৰম্ভ হোৱাৰ ১০০ দিন পূৰ্বে মুম্বাইত ঘোষণা কৰা হৈছিল এই সূচী। বিচিচিআইৰ সম্পাদক জয় শ্বাহে কয় যে বিশ্বকাপৰ ছেমি ফাইনেল কলকাতা আৰু মুম্বাইত অনুষ্ঠিত হ’ব। আহমেদাবাদত অনুষ্ঠিত হ’ব ফাইনেল। অহা ৮ অক্টোবৰত ভাৰতে প্ৰথমখন খেল খেলিব। পৰৱৰ্তী খেলসমূহ ক্ৰমে ১১ অক্টোবৰ, ১৫ অক্টোবৰ, ১৯ অক্টোবৰ, ২২ অক্টোবৰ, ২৯ অক্টোবৰ, ২ নৱেম্বৰ, ৫ নৱেম্বৰ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব।