আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় দিলে টনি ক্ৰুজে। এইগৰাকী জাৰ্মান ফুটবলাৰ নিজ দেশৰ খেলপথাৰতে অৱসৰ ল’লে। শুকুৰবাৰে স্পেইনৰ বিৰুদ্ধে পৰাস্ত হৈ ইউৰো কাপৰ পৰা বাহিৰ হ’ল জাৰ্মানী। সেই মেচখনেই আছিল তেওঁৰ বাবে শেষ মেচ ৷
ইউৰো জয়ৰ সপোন লৈ অৱসৰ ভংগ কৰি জাৰ্মানীৰ জাৰ্চি পিন্ধিছিল ক্ৰুজে। দলৰ আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ মাজৰ যোগসূত্ৰকাৰীৰ ভূমিকা খেলপথাৰত পালন কৰিছিল ক্ৰুজে । স্পেইনৰ হাতত পৰাস্ত হোৱাৰ পিছত ক্ৰুজে কয় –“ আমি জয়ৰ বহু ওচৰত আছিলো। গতিকে হেৰুৱাৰ সোৱাদ অধিক তিতা। আমাৰ লক্ষ্য আছিল ইউৰো জয় কৰা। এই সপোন শেষ হ’ল। আমাৰ বাবে প্ৰতিযোগিতা শেষ। আমাৰ সপোন ছিন্নভিন্ন হৈ পৰিল।”
নায়কৰ দৰে বিদায় নহ’ল ফুটবলাৰ গৰাকীৰ। জাৰ্মানীৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰ গৰাকীয়ে অত্যন্ত হতাশাৰে খেলপথাৰ এৰিবলগীয়া হৈছিল। কিন্তু অনুৰাগীৰ বাবে তেওঁৰ দৰে ফুটবলাৰ এজনক আৰু খেলপথাৰত দেখা নোপোৱাটো কঠিন। তেওঁ দেশৰ হৈ ১১৪খন খেল খেলিছিল। ইয়াৰ উপৰিও তেওঁ কেইবাবাৰো ইউৰো খেলিছিল। কিন্তু জয়ী নহ’ল। এই ট্ৰফী ক্ৰুজৰ হাতলৈ নাহিল এই ট্ৰফী ৷
এইবাৰৰ ইউৰো কাপত শুকুৰবাৰলৈ অপৰাজিত হৈ আছিল দুয়োখন দেশ। শুকুৰবাৰে দুয়োখন দেশৰ খেল অনুষ্ঠিত হয়। জাৰ্মানী পৰাস্ত হয়। এতিয়াও অপৰাজিত হৈ আছে স্পেইন। অৱশ্যে পৰাজয়ৰ পিছতো ক্ৰুজে ইতিবাচক দিশ এটা বিচাৰি পালে। নতুনকৈ প্ৰাক্তন ফুটবল খেলুৱৈগৰাকীয়ে কয়, ‘আমি আমাৰ সকলোৰে সৈতে খেলিছিলো। আমি পৰাজয় বিচৰা নাছিলো। কিন্তু বিদায় ল’বলগীয়া হ’ল । আমাৰ সকলো প্ৰচেষ্টা বিফল হ’ল। কিন্তু আমি এই প্ৰতিযোগিতাত ভাল খেলিলোঁ। আমি আগৰ পৰাই উন্নতি কৰিছো। সেইটো লৈ গৌৰৱ কৰা উচিত। জাৰ্মান ফুটবলত অৰিহণা যোগাবলৈ পাই মই সুখী। আশাকৰোঁ, ভৱিষ্যতে দলটোৱে আৰু ভাল খেলিব।”