নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ডেনিয়েল ভেট্টোৰীক ,আন্দ্ৰে বড়োভেকৰ সৈতে অষ্ট্ৰেলীয়ান দলটোৰ মুখ্য প্ৰশিক্ষক এণ্ড্ৰিউ মেকডনাল্ডে তেওঁৰ নতুন দল গঢ়ি তোলাৰ বাবে অষ্ট্ৰেলিয়া পুৰুষ দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।দুয়োজন জনপ্ৰিয় ক্ৰিকেট তাৰকাই শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে তেওঁলোকৰ ভূমিকা গ্ৰহণ কৰিব যি জুনৰ শেষত আৰম্ভ হ’ব ৷ যোৱা বছৰটোত দলটোৰ সৈতে কাম কৰা বড়োভেকে ভ্ৰমণৰ কালছোৱাত অষ্ট্ৰেলিয়া এ দলক প্ৰশিক্ষণ প্ৰদান কৰিব।এই বছৰৰ আৰম্ভণিতে পাকিস্তান ভ্ৰমণৰ সময়ত অষ্ট্ৰেলিয়াৰ সৈতে কাম কৰা ভেট্টোৰী যোৱা বছৰ অন্তৱৰ্তীকালীন ক্ষমতাত ফাইনেললৈ লৈ যোৱাৰ পিছত এই ছিজনত বাৰ্মিংহাম ফিনিক্সৰ প্ৰশিক্ষক হিচাপে দায়িত্বত থাকিব ।
মেকডনাল্ড আৰু ভেট্টোৰীৰ সম্পৰ্ক দীৰ্ঘদিনীয়া ৷ কাৰণ দুয়ো একেলগে খেলিছিল আৰু আই পি এলৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক একেলগে প্ৰশিক্ষণ দিছিল য’ত মেকডনাল্ডে ভেট্টোৰীৰ অধীনত সহায়ক হিচাপে কাম কৰিছিল। যেতিয়া মেকডনাল্ড উপলব্ধ নাছিল তেতিয়া ভেট্টোৰীয়ে ভৰি দিয়াৰ আগতে যুটিটোৱে যোৱা বছৰ হাণ্ড্ৰেডত ভূমিকা সলনি কৰিবলৈ সাজু হৈছিল।
ভেট্টোৰী আগতে বাংলাদেশৰ দলটোৰ স্পিন বলিং পৰামৰ্শদাতা আছিল। প্ৰৰশিক্ষক দুগৰাকীৰ মূল লক্ষ হ’ব দলটোৰ প্ৰস্তুতি, পৰিকল্পনা আৰু সামূহিক ভাৱে টেষ্ট আৰু বগা বল দুয়োটা দলৰ সামগ্ৰিক ৰণনীতিৰ সৈতে কাম কৰা।
বড়োভেক হৈছে মেকডনাল্ডৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা আন এজন ব্যক্তি যিয়ে তেওঁৰ সৈতে বেটিং আৰু ৰণনীতিৰ ভূমিকাত কাম কৰিছিল যেতিয়া মেকডনাল্ড ভিক্টোৰিয়া আৰু মেলবৰ্ণ ৰেনেগেডছৰ মুখ্য প্ৰশিক্ষক আছিল। তেওঁৱেই ভ্ৰমণৰ বাবে অষ্ট্ৰেলিয়াৰ মহিলা দলৰ সহকাৰী প্ৰশিক্ষক বেন চাৱাৰ আৰু ছানি কালিয়াৰৰ সৈতে যোগদান কৰিব য’ত দুখন এদিনীয়া মেচ আৰু দুখন চাৰিদিনীয়া খেল অন্তৰ্ভুক্ত থাকিব।
জানিবপৰা মতে মেকডনাল্ড, ডি ভেনুটো, স্পিন প্ৰশিক্ষক শ্ৰী শ্ৰীৰাম আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন দ্ৰুত ক্লিন্ট মেকেয়ে শ্ৰীলংকাত টি-২০ আৰু এদিনীয়া দলৰ প্ৰশিক্ষক হ’ব।
এই পদক্ষেপে অষ্ট্ৰেলিয়াৰ জ্যেষ্ঠ পুৰুষ আৰু মহিলা প্ৰশিক্ষণ পেনেলৰ ভিতৰত থকা সকলৰ বাবে অধিক প্ৰশিক্ষণ বিকাশৰ সুযোগ প্ৰদান কৰিব আৰু লগতে অনুসূচীয়ে অনুমতি দিলে কিছুমান শীৰ্ষ প্ৰদৰ্শন কাৰী ঘৰুৱা প্ৰশিক্ষকক আন্তৰ্জাতিক উন্মোচন প্ৰদান কৰিব।
দীৰ্ঘদিনীয়া মেনেজাৰ গেভিন ডভিৰ প্ৰস্থানৰ পিছত তেওঁলোকে এজন পূৰ্ণ-সময়ৰ মেনেজাৰকো নিয়োগ কৰিব বিচাৰিছে। অৱশ্যে পুৰুষৰ দলৰ লজিষ্টিক অফিচাৰ হিচাপে ডভিৰ অধীনত কাম কৰা চাইমন অলপোৰ্টে শ্ৰীলংকা ভ্ৰমণৰ সময়ছোৱাত এই ভূমিকা পালন কৰিব ।