দিল্লী কেপিটেলছৰ অলৰাউণ্ডাৰ মিচেল মাৰ্শ্বক ক’ভিড পজিটিভ হোৱাৰ পিছতে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। সোমবাৰে ৰাতিপুৱা দ্ৰুত এণ্টিজেন পৰীক্ষাৰ সময়ত অষ্ট্ৰেলিয়ান খেলুৱৈজনক সংক্ৰমিত অৱস্থাত পোৱা গৈছিল। তেওঁ মূৰৰ বিষ আৰু সামান্য জ্বৰৰ অভিযোগ কৰিছিল, সেয়েহে ‘দিল্লী কেপিটেলচে’ দলৰ সকলো সদস্যৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিল আৰু মাৰ্শ্বক ক’ভিড পজিটিভ পোৱা গৈছিল ৷
মাৰ্শ্ব ‘দিল্লী কেপিটেলচ’ৰ শিবিৰত ক’ভিড পজিটিভ হোৱা তৃতীয়জন সদস্য । ‘দিল্লী কেপিটেল্চে’ বুধবাৰে সন্ধিয়া পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত ‘পঞ্জাৱ কিংছ’ক লগ কৰাৰ কথা আছে।
ভাৰতীয় ক্ৰিকেট পৰিষদৰ বাবে এতিয়া আটাইতকৈ ডাঙৰ চিন্তা হৈছে যাতে এই ক’ভিড -১৯ভাইৰাছ আন দলবোৰলৈ বিয়পি নপৰে ৷ সেয়েহে তেওঁলোকে ইয়াক প্ৰতিহত কৰিবলৈ আন এটা পৰিকল্পনা আৰম্ভ কৰিছে।
শনিবাৰে, দিল্লী কেপিটেলছ-ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মাজত অনুষ্ঠিত হোৱা খেলৰ বাবে ভাৰতীয় বোৰ্ডে নিৰ্দেশ দিছিল যে যিকোনো সাম্ভাব্য ট্ৰেন্সমিচন পৰিহাৰ কৰিবলৈ দুয়োটা দলৰ খেলুৱৈৰ মাজত কোনো ধৰণৰ হেণ্ডচেক বা আলিঙ্গন কৰা নহ’ব।
বিভিন্ন দলৰ খেলুৱৈসকলে সাধাৰণতে খেলৰ পিছত কথা পাতিবলৈ একত্ৰিত হয়। দিল্লীৰ খেলুৱৈসকলক চেটৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছিল আৰু মাস্ক ব্যৱহাৰৰ পৰামৰ্শও দিয়া হৈছিল। ষ্টেণ্ডৰ পৰা খেল চোৱা দলৰ সদস্যসকলক খোৱা বা পান কৰাৰ বাহিৰে গোটেই মেচখনত মাস্ক পিন্ধিব থাকিবলৈ অনুৰোধ কৰা হৈছিল।
OFFICIAL STATEMENT:
Delhi Capitals all-rounder Mitchell Marsh has tested positive for COVID-19, following which he has been admitted to a hospital. The Delhi Capitals medical team is closely monitoring Marsh’s condition. pic.twitter.com/lvatopJtcV
— Delhi Capitals (@DelhiCapitals) April 18, 2022