নতুন ক্লাৱ আল নাছেৰৰ হৈ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ অভিষেক কেতিয়া ঘটিব তাক লৈ অনিশ্চিয়তা এতিয়াও আঁতৰি যোৱা নাই ৷ ছৌদি আৰৱৰ ক্লাবৰ হৈ তেওঁ কেতিয়া খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি। কাৰণ, ৰোনাল্ডোৱে খেলিবলৈ আল নাছেৰে এজন বিদেশী ফুটবলাৰক জিৰণি দিব লাগিব ৷
ইংলেণ্ডৰ ফুটবল এছ’চিয়েশ্যনে দুখন খেলৰ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে আল নাছেৰৰ হৈ দুখন মেচ খেলিব নোৱাৰিব ৰোনাল্ডোৱে। ইয়াৰ পিছতো তেওঁৰ নতুন ক্লাবৰ জাৰ্চিৰে খেলা অনিশ্চিত হৈ পৰিছে । ছৌদি আৰব ফুটবল ফেডাৰেচনৰ নিয়মৰ বাবে এই বাধা আহিছে । আল নাছেৰে নিৰ্দিষ্ট সংখ্যক বিদেশী ফুটবলাৰক চুক্তিবদ্ধ কৰিছে। নিয়ম অনুসৰি এটা ক্লাবে প্ৰতিযোগিতাৰ বাবে সৰ্বাধিক ৭ গৰাকী বিদেশী খেলুৱৈক পঞ্জীয়ন কৰিব পাৰিব। নৱম বিদেশী ফুটবলাৰ হিচাপে আল নাছেৰৰ সৈতে যোগদান কৰিছে ৰোনাল্ডোৱে ।
গতিকে ইংলেণ্ডৰ ফুটবল এছ’চিয়েশ্যনে দিয়া শাস্তি উঠাই দিলেও আল নাছেৰৰ হৈ খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰিব ৰোনাল্ডো। তেওঁ খেলিবলৈ হ’লে পঞ্জীয়নভুক্ত বিদেশী ফুটবলাৰক বাদ দিব লাগিব। সেই বিদেশী ফুটবলাৰৰ সলনি ৰোনাল্ডোৰ নাম পঞ্জীয়ন কৰিব লাগে। আল নাছেৰৰ এজন বিষয়াই কয়, ‘যদিও ৰোনাল্ডোৰ সৈতে আমাৰ চুক্তি আছে, তথাপিও তেওঁৰ এই প্ৰতিযোগিতাত খেলিবলৈ পঞ্জীয়ন হোৱা নাই। বিদেশী ফুটবলাৰ এজনৰ নাম পঞ্জীয়ন কৰিবলৈ আমি মুকলি কৰি দিব লাগিব। তেওঁক তালিকাৰ পৰা আঁতৰাই দিব লাগে। হয়, তেওঁক আন ক্লাবক বিক্ৰী কৰিব লাগিব নহয় পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা চুক্তিখন বন্ধ কৰিব লাগিব।”
আল নাছাৰৰ বিদেশী ফুটবলাৰৰ তালিকাত আছে আৰ্চেনালৰ প্ৰাক্তন গ’লৰক্ষক ডেভিদ অস্পিনা, কেমেৰুণৰ বিশ্বকাপ বিজয়ী ভিনচেণ্ট আবু বাকৰ, ব্ৰাজিলৰ লুইছ গুস্তাভো আৰু টালিস্কা, আৰ্জেণ্টিনাৰ পিটি মাৰ্টিনেজ, আইভৰি কোষ্টৰ ঘিছলাইন ক’নান, স্পেইনৰ আলভাৰো গ’নজালেজ, উজবেকিস্তানৰ ঝ’লিডিন মাশ্বাৰিপভ। তেওঁলোকৰ মাজত আল নাছেৰে কাৰ সৈতে চুক্তি বাতিল কৰিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই। কাৰণ, চুক্তি বাতিল কৰিবলৈ বৃহৎ ক্ষতিপূৰণ দিব লাগিব।
এনে পৰিস্থিতিত ৰোনাল্ডোক কেন্দ্ৰ কৰি আল নাছেৰৰ বিদেশী ফুটবলাৰসকলৰ মাজত মৃদু ক্ষোভৰ সৃষ্টি হৈছে। কাৰণ আল নাছৰ কৰ্তৃপক্ষই ৰোনাল্ডোৰ বাবে মাশ্বাৰিপভৰ পৰা সাত নম্বৰৰ জাৰ্চি লৈছিল। উজবেকিস্তানৰ মিডফিল্ডাৰগৰাকীয়ে সাত নম্বৰৰ জাৰ্চি এৰিবলৈ ইচ্ছুক নাছিল। ক্লাবৰ বছসকলে মাশ্বাৰিপভৰ সৈতে হোৱা চুক্তি বাতিল কৰিবলৈ সকীয়াই দিয়ে। পিছত তেওঁ নিমৰাজী হৈ ৭৭ নম্বৰৰ জাৰ্চি লৈছিল। এইবাৰ আল নাছেৰে ৰোনাল্ডোৰ বাবে এজন বিদেশী ফুটবলাৰ বাদ লগা হৈছে।