পুনৰ চর্চালৈ আহিছে দবা খেলুৱৈ ৰমেশ বাবু প্ৰজ্ঞানন্দ ৷ মঙলবাৰে নিশা নেদাৰলেণ্ডৰ উইক উন জিত অনুষ্ঠিত হোৱা টাটা ষ্টীল মাষ্টাৰছত তেওঁ বিশ্ব চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰে। কেৱল সেয়াই নহয়, এতিয়া তেওঁ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দক অতিক্ৰম কৰি ভাৰতৰ এক নম্বৰ দবা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছে ৷
বৰ্তমান প্ৰজ্ঞানন্দৰ ফিড ৰেটিং পইণ্ট হৈছে ২৭৪৮.৩। আনন্দৰ ৰেটিং পইণ্ট হৈছে ২৭৪৮। অৰ্থাৎ প্ৰজ্ঞানন্দ আনন্দতকৈ অতি কম ব্যৱধানত আগবাঢ়ি আছে। আনন্দৰ পিছত তেওঁ আছিল দবাত বিশ্ব চেম্পিয়নক পৰাস্ত কৰা প্ৰথমজন ভাৰতীয়।
টাটা ষ্টীল চেছত চাৰিটা ৰাউণ্ডত প্ৰজ্ঞানন্দৰ এয়া প্ৰথম জয়। পূৰ্বৰ তিনিটা ৰাউণ্ডত তেওঁ ড্ৰ’ কৰিছিল। যোৱা বছৰো এই প্ৰতিযোগিতাত প্ৰজ্ঞানন্দই লিৰেনক পৰাস্ত কৰিছিল। সেই সময়ত লিৰেন বিশ্বৰ দুই নম্বৰ দবা খেলুৱৈ আছিল ৷
শেহতীয়াকৈ ভাৰতৰ আশ্চৰ্য্য প্ৰজ্ঞানন্দই ইজনৰ পিছত সিজন খ্যাতনামা দবা খেলুৱৈক পৰাস্ত কৰিছে। মেগনাছ কাৰ্লচেনক একাধিকবাৰ পৰাস্ত কৰিছে তেওঁ । শীৰ্ষ ৰেংকিঙৰ দবা খেলুৱৈক পৰাস্ত কৰাটো এতিয়া তেওঁৰ বাবে একেবাৰে সহজ হৈ পৰিছে। মঙলবাৰৰ জয়ৰ পিছত তেওঁ কয়, ‘আৰম্ভণিৰে পৰাই মই লিৰেনৰ সৈতে তাল মিলাই খেলি আছিলো। মই বুজিলোঁ যে তেওঁ কিছুমান ভুল কৰি আছে। ইমান শক্তিশালী খেলুৱৈক পৰাজিত কৰাটো এটা বেলেগ অনুভৱ। কাৰণ তেওঁলোকক পৰাজিত কৰাতো সহজ নহয়। “