এতিয়া আইচিচি টেষ্ট ৰেংকিঙত অষ্ট্ৰেলিয়াই শীর্ষস্থান দখল কৰিছে ৷ ইমান দিনে ভাৰত শীৰ্ষস্থানত আছিল। অষ্ট্ৰেলিয়াই সেই স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ এই ৰেংকিং ২০২১ চনৰ মে’ মাহৰ পৰা ছিৰিজৰ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ফলত ২০২১ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ২-১ গ’লত জয়লাভ কৰা সত্বেও এই ৰেংকিঙত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। ইয়াৰ লগে লগে ভাৰতক আঁতৰাই টেষ্টৰ এক নম্বৰ দলত পৰিণত হৈছে অষ্ট্ৰেলিয়া।
১২৪ ৰেটিং পইণ্টেৰে প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়া। দ্বিতীয় স্থানত আছে ভাৰত। ১২০ ৰেটিং পইণ্ট লাভ কৰিছে ভাৰতে । শীৰ্ষ দহটা দলৰ কোনো পৰিৱৰ্তন হোৱা নাই । তৃতীয় স্থানত আছে ইংলেণ্ড। তেওঁলোকে লাভ কৰে ১০৫ ৰেটিং পইণ্ট। চতুৰ্থ স্থানত আছে দক্ষিণ আফ্ৰিকা। শীৰ্ষ দহৰ ভিতৰত আছে নিউজিলেণ্ড, পাকিস্তান, শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু জিম্বাবুৱে। একাদশ স্থানত আয়াৰলেণ্ড।
টেষ্টত শীৰ্ষস্থান হেৰুৱালেও ভাৰত এদিনীয়া আৰু টি-২০ত এক নম্বৰত আছে। সদ্য সমাপ্ত এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰে। কিন্তু তালিকাৰ শীৰ্ষত আছে ভাৰত। সেই তালিকাত অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আছে। দুয়োটা দলৰ মাজত পাৰ্থক্য ৬ ৰেটিং পইণ্ট।
২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। তাৰ আগতে ভাৰতে এক নম্বৰ দল হিচাপে স্থান লাভ কৰিছে। তাত অষ্ট্ৰেলিয়াও দ্বিতীয় স্থানত আছে। ইয়াৰ পূৰ্বে ইংলেণ্ড দ্বিতীয় স্থানত আছিল। তৃতীয় স্থানলৈ নামি আহিল। দক্ষিণ আফ্ৰিকাই দুটা স্থান বৃদ্ধি আগুৱাই চতুৰ্থ স্থান লাভ কৰে। নিউজিলেণ্ডে এখোজ তললৈ নামি পঞ্চম স্থানত আছে।