অৱসৰ ল’লেও ক্ৰিকেটৰ ক্ষেত্ৰখনত এতিয়াও গ্লেমাৰ থকা তাৰকাসকলৰ অন্যতম হৈছে মহেন্দ্ৰ সিং ধোনি ৷ অৱসৰৰ পাছতো ধোনিৰ আয় কমি যোৱা নাই। সম্পত্তিৰ ফালৰ পৰা তেওঁ বিৰাট কোহলীৰ পৰা কিছু পিছ পৰি আছে। আগন্তুক দিনত হয়তো বিৰাটক অতিক্ৰম কৰিব পাৰিব ধোনিয়ে ।
শেহতীয়াকৈ এটা ব্যক্তিগত সংস্থাৰ এক প্ৰতিবেদন পোহৰলৈ আহিছে। তাত উল্লেখ কৰা অনুসৰি ধোনিৰ সম্পত্তিৰ পৰিমাণ ১০৪০ কোটি টকা। তেওঁৰ সম্পত্তিৰ পৰিমান কোহলীতকৈ মাত্ৰ ১০ কোটি কম ৷ ক’ৰ পৰা কেনেকৈ ধোনিয়ে উপার্জন কৰে সেয়া প্ৰতিবেদনত বিতংভাৱে উল্লেখ কৰা হৈছে।
ধোনীয়ে বছৰি ১২ কোটি টকা লয় আই পি এল দল চেন্নাইৰ পৰা। ইয়াৰ বাহিৰেও তেওঁ ছচিয়েল মিডিয়াত মাৰ্কেটিঙৰ বাবে একৰ পৰা দুই কোটি টকা লয় । যদিও তেওঁক বিশেষ প্ৰচাৰ কৰা দেখা নাযায়। ধোনীৰ ইনষ্টাগ্ৰামত ৪.৪ কোটি আৰু টুইটাৰত ৮৬ লাখ ফ’ল’ৱাৰ আছে। তেওঁৰ তিনিটা কোম্পানী আছে। তেওঁৰ ‘ধোনি এণ্টাৰটেইনমেণ্ট’ নামৰ এটা প্ৰডাকচন কোম্পানী আছে। ইয়াৰ বাহিৰেও ‘মাহী ৰেচিডেন্সি’ নামৰ এখন হোটেল আছে। বাংগালুৰুত আছে ‘এম এছ ধোনি গ্ল’বেল স্কুল’। ৰিয়েল ইষ্টেটতো তেওঁৰ বিনিয়োগ আছে। ডেৰাডুনত ১৭.৮ কোটি টকাৰ ঘৰ আছে। ৰাঁচীত এটা ডাঙৰ ফাৰ্ম হাউচ আছে ধোনিৰ।
ইয়াৰ উপৰিও ধোনীয়ে ২০টাতকৈও অধিক কোম্পানীৰ বিজ্ঞাপন দিয়ে । প্ৰতিটো সংস্থাৰ পৰা ৪ৰ পৰা ৬ কোটি টকা লাভ কৰক। চেন্নাইন এফ চিকে ধৰি কেইবাটাও দলত বিনিয়োগ কৰিছে ধন । ধোনিৰ গেৰেজত আছে কোটিটকীয়া বিলাসী বাহন আৰু বাইক ৷
বিশেষজ্ঞসকলৰ মতে ধোনী, কোহলি আৰু ৰোহিতৰ দৰে ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় হ’লে তেওঁৰ উপাৰ্জন বৃদ্ধি পালেহেঁতেন। কিন্তু ফেচবুক, টুইটাৰৰ পৰা সদায় দূৰত্ব বজাই ৰাখক। কিন্তু শেহতীয়াকৈ তেওঁ ‘থ্ৰেডছ’ এপত যোগদান কৰিছে ৷