১৯৮৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে ‘হেণ্ড অৱ গড’ খ্যাত গ’ল দিয়াৰ সময়ত প্ৰসিদ্ধ ফুটবলাৰ ডিয়েগো মাৰাডোনাই পিন্ধা চাৰ্ট বিশ্বকাপৰ সময়ত কাটাৰত প্ৰদৰ্শিত কৰা হ’ব ৷ চাৰ্টটোৰ নিলামত অভিলেখসংখ্যক মূল্য নিৰ্ধাৰণ কৰাৰ পাঁচ মাহৰ পাছত প্ৰদর্শনীৰ ব্যৱস্থা কৰা হৈছে ৷ নাম প্ৰকাশ নকৰা এজন ক্ৰেতাক ৯৩ লাখ ডলাৰত বিক্ৰী কৰা এই চাৰ্টটো কাটাৰৰ ৩-২-১ ক্ৰীড়া সংগ্ৰহালয়ত প্ৰদর্শন কৰা হ’ব ৷ দেওবাৰৰ পৰা ১ এপ্ৰিললৈকে চার্টতো প্ৰদৰ্শিত হ’ব।
কাটাৰ সংগ্ৰহালয়ৰ মুৰব্বী তথা উপসাগৰীয় ৰাষ্ট্ৰৰ শাসক পৰিয়ালৰ সদস্য শ্বেইখ আল মায়াছা বিন্ট হামাদ বিন খলিফা আল থানীয়ে কয় যে বিশ্বকাপ উপলক্ষে বিশেষ প্ৰদৰ্শনীৰ বাবে এই চাৰ্টটো নিশ্চিত কৰি তেওঁ “উৎফুল্লিত” হৈছে।
উল্লেখ্য যে ১৯৮৬ চনত মেক্সিকো চহৰৰ এজটেক ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মাৰাডোনাই দুটা/ গ’ল দিয়ে। ফুটবল ইতিহাসৰ অন্যতম চৰ্চিত খেল হিচাপে পৰিগণিত হৈ আহিছে ৷ ২০২০ চনৰ নৱেম্বৰ মাহত ৬০ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হোৱা মাৰাডোনাৰ কিংবদন্তি মৰ্যদাক সুশোভিত কৰি তুলিছে।
২০ বছৰ ধৰি মানচেষ্টাৰৰ এটা সংগ্ৰহালয়লত ৰখাৰ পাছত বিক্ৰীৰ বাবে মুকলি কৰিছিল ৷ য’ত বেনামী ক্ৰেতাই আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনকে ধৰি আন ছয়জন নিবিদাকাৰীক পৰাস্ত কৰিছিল। ১৯৩০ চনৰ প্ৰথম বিশ্বকাপৰ ফাইনেলত ব্যৱহৃত বলৰ সৈতে “ফুটবলৰ বিশ্ব” প্ৰদৰ্শনীত প্ৰদৰ্শিত হ’ব মাৰাডোনাৰ জার্চী ৷