কিছুদিন পিছত পাঁচ টেষ্টৰ শৃংখলা খেলিবলৈ ইংলেণ্ড ভাৰতলৈ আহিব।কিন্তু ক্ৰিকেটাৰ বেন ষ্ট’কছৰ সৈতে এই ভ্ৰমণত থাকিব এজন বিশেষ ব্যক্তি। তেওঁৰ নাম ওমৰ মেজিয়ান। পেছাত তেওঁ ৰান্ধনী। ভাৰত ভ্ৰমণৰ সময়ত ইংলেণ্ডৰ ক্ৰিকেটাৰসকলৰ বাবে তেওঁ খাদ্য প্ৰস্তুত কৰিব ৷
ইংৰাজী প্ৰিমিয়াৰ লীগ ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল দলৰ ৰান্ধনী হিচাপে পৰিচিত মেজিয়ান। ইংলেণ্ড ক্ৰিকেট দলতো কাম কৰিছিল তেওঁ । ২০২২ চনৰ ডিচেম্বৰ মাহত মেজিয়ানেও ষ্ট’কছৰ সৈতে পাকিস্তান ভ্ৰমণ কৰিছিল। ইংলেণ্ডৰ বেছিভাগ ক্ৰিকেটাৰে ভাৰতীয় খাদ্য ভাল নাপায়। পাকিস্তান ভ্ৰমণৰ সময়ত দলটোৰ কেইবাগৰাকীও ক্ৰিকেটাৰৰ পেটৰ সমস্যাও হৈছিল। গতিকে ভাৰতৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ টেষ্ট শৃংখলাৰ পূৰ্বে ইংলেণ্ড সতৰ্ক হৈছে । তেওঁলোকে ভাৰতীয় হোটেলৰ খাদ্য গ্ৰহণৰ পৰা বিৰত থকাৰ সম্ভাৱনা আছে ৷
ইংলেণ্ডৰ “দ্য টেলিগ্ৰাফ” কাকতখনে তেওঁলোকৰ প্ৰতিবেদনত লিখিছে, “ইংলেণ্ডে ভাৰত ভ্ৰমণৰ বাবে দলটোৰ সৈতে এজন ৰান্ধনীক লগত লৈ যাব ৷ সাত সপ্তাহৰ এই ভ্ৰমণত ক্ৰিকেটাৰসকল যাতে বেমাৰত নপৰে তাৰ বাবে ৰান্ধনীগৰাকীক লৈ যোৱা হৈছে। ২৫ জানুৱাৰীত হায়দৰাবাদত আৰম্ভ হ’ব প্ৰথমখন টেষ্ট। তাৰ আগতে ৰান্ধনীজনে দলত যোগদান কৰিব। তেওঁৰ দায়িত্ব হ’ব ক্ৰিকেটাৰসকলৰ খাদ্য চোৱাচিতা কৰা।“
প্ৰথম টেষ্ট আৰম্ভ হোৱাৰ তিনিদিন পূৰ্বে ভাৰতত উপস্থিত হ’ব ষ্টকছ। ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰৰ এটা অংশই অনুভৱ কৰে যে ভাৰতীয় জলবায়ু আৰু পিটচৰ লগত খাপ খুৱাবলৈ ইমান কম সময়েই যথেষ্ট নহয়। তেওঁলোকৰ মতে, প্ৰথম টেষ্টৰ কমেও ৭ দিন পূৰ্বে ষ্ট’কছ ভাৰতত উপস্থিত হ’ব লাগিছিল। ভাৰতৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ শৃংখলাটো ইংলেণ্ডৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ ঘৰুৱা ক্ষেত্ৰত তেওঁলোকে শৃংখলা জয় কৰিবলৈ সক্ষম নহ’ল। হায়দৰাবাদৰ উপৰিও ভাৰত আৰু ইংলেণ্ডে বিশাখাপট্টনম, ৰাজকোট, ৰাচী আৰু ধৰ্মশালাত টেষ্ট খেলিব।