প্ৰত্যাশিতভাৱেই উইম্বলডনত পুৰুষৰ একক শাখাত ফাইনেল প্ৰৱেশ কৰিছে ন’ভাক জ’কভিচে । ২৪ টা গ্ৰেণ্ড শ্লেমৰ অধিকাৰীগৰাকীয়ে ছেমি ফাইনেলত ইটালীৰ লৰেঞ্জো মুছেটীক পৰাজিত কৰে । ২ ঘণ্টা ৪৮ মিনিটৰ মেচখনত ৬-৪, ৭-৬ (৭-২), ৬-৪ ছেটৰ ব্যৱধানত জ’কভিচে জয়লাভ কৰে । দেওবাৰৰ ফাইনেলত জক’ভিচৰ প্ৰতিদ্বন্দ্বী হৈছে কাৰ্লোছ আলকাৰাজ।
সোঁ আঁঠুৰ অস্ত্ৰোপচাৰ কৰি উইম্বলডনলৈ পুনৰ উভতি আহিছিল জ’কভিচ! বছৰৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম আৰম্ভ হোৱাৰ পাঁচ-ছয় দিনৰ আগতেও তেওঁ খেলিব পাৰিব নে নাই সেয়া নিশ্চিত নাছিল। অৱশ্যে অল ইংলেণ্ড লন টেনিছ ক্লাবৰ ঘাঁহনি ক’ৰ্টত জ’কভিচে সফল প্ৰত্যাৱর্তন কৰিবলৈ সক্ষম হয় ৷ তেওঁ স্বাভাৱিকভাৱে সমগ্ৰ ক’ৰ্টত দৌৰি প্ৰতিপক্ষক শ্বাসৰুদ্ধ কৰিবলৈ চেষ্টা কৰে। নেটৰ ওচৰত ড্ৰপ শ্বট খেলি মুছেট্টিক অন্যমনস্ক কৰিবলৈ চেষ্টা কৰিছিল জক’ভিচে। মুঠতে জ’কভিচক চিনাকি ৰূপত দেখা গৈছিল ।