ভাৰতৰ কিশোৰ দোন্নাৰুম্মা গুকেশে দেওবাৰে চলি থকা এইমচেছ ৰেপিড অনলাইন প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগে লগে বিশ্ব চেম্পিয়ন হিচাপে কার্লচেনক পৰাস্ত কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হ’ল গুকেশ ৷ ১৬ বছৰীয়া গুকেশে নৱম ৰাউণ্ডত কাৰ্লচেনক পৰাস্ত কৰে ৷
ইয়াৰ পূৰ্বে দেওবাৰে এৰিগাইছিয়ে এইমচেছ ৰেপিড অনলাইন দবা প্ৰতিযোগিতাৰ প্ৰাথমিক সাত ৰাউণ্ডত কাৰ্লচেনক পৰাস্ত কৰিছিল। এৰিগাইছিয়ে ক্ৰমাগত তিনিখন খেলত জয়লাভ কৰি নিলছ গ্ৰেণ্ডেলিয়াছ (ছুইডেন), ডেনিয়েল নাৰোডিটস্কি (আমেৰিকা) আৰু কাৰ্লচেনক পৰাস্ত কৰি জান-ক্ৰজিষ্টফ ডুডা (পোলেণ্ড)ৰ বিৰুদ্ধে ড্ৰ’ খেলে ৷
যোৱা মাহত জুলিয়াছ বেয়াৰ জেনেৰেচন কাপৰ অনলাইন প্ৰতিযোগিতাৰ ফাইনেলত কাৰ্লছনৰ হাতত পৰাস্ত হৈছিল এৰিগাইছি। মেল্টৱাটাৰ চেম্পিয়নছ ট্যুৰৰ অংশ হিচাপে অনুষ্ঠিত হোৱা এইমচেছ ৰেপিড প্ৰতিযোগিতাখনত ভাৰতৰ ৫ গৰাকী খেলুৱৈসহ ১৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।