বৃহস্পতিবাৰে এডিলেইড অ’ভেলত চলি থকা টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমি ফাইনেলত টিম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিব জোছ বাটলাৰ নেতৃত্বাধীন ইংলেণ্ডে। এই খেলৰ বিজয়ী দলে পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ১ম ছেমি ফাইনেলত বিজয়ী দলৰ বিৰুদ্ধে খেলিব। ভাৰতৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে নিজৰ দলৰ প্ৰস্তুতি সন্দর্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যাতে টি-২০ বিশ্বকাপৰ ফাইনেল নহয় তাৰ বাবে তেওঁ দলটোক পৰাজিত কৰিবলৈ সর্বতোপ্ৰকাৰে চেষ্টা চলাব ৷
মেচৰ পূৰ্বে সংবাদমেলত বাটলাৰে কয় যে, ” আমি নিশ্চিতভাৱে ভাৰত আৰু পাকিস্তানৰ ফাইনেল চাব নিবিচাৰো। গতিকে আমি চেষ্টা কৰিম যাতে তেনে নহয় ৷ইয়াৰ বাবে সকলো চেষ্টা কৰিম। ভাৰত এটা অতি অতি শক্তিশালী দল। ভাৰতীয় দলটোৱে দীৰ্ঘদিন ধৰি উন্নত প্ৰদর্শন কৰি আহিছে ৷ “ চলি থকা প্ৰতিযোগিতাখনত সূৰ্যকুমাৰ যাদৱক বিস্ফোৰক ৰূপত দেখা গৈছে কিয়নো তেওঁ ইতিমধ্যে তিনিটা অৰ্ধশতক অর্জন কৰিছে ৷ সুর্যকুমাৰ যাদৱৰো তেওঁ প্ৰশংসা কৰে ৷
বিশ্বকাপৰ কোনো খেলতে যুজবেন্দ্ৰ চাহালে অংশগ্ৰহণ নকৰাত আচৰিত হৈছে নেকি বুলি সাংবাদিকে সোধাত বাটলাৰে কয় “ চাহাল এজন ভাল বলাৰ ৷ মই সঁচাকৈয়ে তেওঁৰ সৈতে আই পি এলত খেলি ভাল পাইছো। তেওঁ এজন মহান বলাৰ, তেওঁ উইকেট ল’বলৈ অতি আগ্ৰহী। মই নিশ্চিত যে যদি তেওঁক খেলিবলৈ মাতি অনা হয় তেন্তে তেওঁ সফল প্ৰদর্শন কৰিব ৷”