যোৱা ছিজনত আই পি এলত জয়লাভ কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। সেই দলৰ গুৰু আছিল গৌতম গম্ভীৰ। কিন্তু তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব বুলি চর্চা আৰম্ভ হৈছে । আৰু ইমান দিনে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে থকা ৰাহুল দ্ৰাবিড় কেকেআৰৰ নতুন প্ৰশইক্ষক হ’ব বুলিও চর্চা আৰম্ভ হৈছে ।
শেহতীয়াকৈ দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে টি-২০ বিশ্বকাপত জয়লাভ কৰে।গম্ভীৰৰ ঠাইত দ্ৰাবিড়ৰ দৰে অভিজ্ঞ খেলুৱৈ লাভ কৰিলে কেকেআৰে লাভৱান হ’ব। সূত্ৰ অনুসৰি কেকেআৰে দ্ৰাবিড়ক বিপুল পৰিমাণৰ ধন আগবঢ়াইছে।
ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ৰ কাৰ্যকাল আছিল টি-২০ বিশ্বকাপলৈকে। তেওঁ এতিয়া ভাৰতীয় দলৰ দায়িত্ব চম্ভালিবলৈ ইচ্ছুক নহয়। গোটেই বছৰটো কোনো দল চম্ভালিবলৈ তেওঁ ইচ্ছুক নহয়। গতিকে এতিয়াৰ বাবে দ্ৰাবিড়ৰ কোনো কাম নাই। তেওঁ আই পি এলৰ যিকোনো দলৰ দায়িত্ব ল’ব পাৰে ডেৰ-দুমাহৰ বাবে।
সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি কেকেআৰে দ্ৰাবিড়ক প্ৰশিক্ষক বা গুৰু হিচাপে নিযুক্তি দিব পাৰে। তাৰ বাবে তেওঁক ১২ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে।
২০১২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দ্ৰাবিড়ে। ২০১৪ আৰু ২০১৫ চনত ৰাজস্থান ৰয়েলছৰ গুৰু আছিল তেওঁ । আকৌ এবাৰ আই পি এললৈ ঘূৰি আহিব পাৰে দ্ৰাবিড়। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী আৰু ভাৰতীয় দলৰ দায়িত্ব চম্ভালি তেওঁ অধিক অভিজ্ঞ হৈ উঠিছে ৷কেকেআৰে সেই অভিজ্ঞতা ব্যৱহাৰ কৰিব বিচাৰিব।