১৩ বছৰৰ পাছত পুনৰ ভাৰতীয় দলত যোগদান কৰিছে দ্ৰাবিড়ে। কিন্তু ৰাহুল দ্ৰাৱিড় নহয়, এইজন সমিত দ্ৰাবিড়। ২০১১ চনত অৱসৰ গ্ৰহণ কৰিছিল ৰাহুল দ্ৰাবিড়ে। ২০২৪ চনত ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষক ৰাহুলৰ পুত্ৰই ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিছে। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলে অষ্ট্ৰেলিয়া ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব।
এদিনীয়া শৃংখলাত ভাৰতক নেতৃত্ব দিব মহম্মদ আমানে। উত্তৰ প্ৰদেশৰ যুৱকজনৰ নেতৃত্বত খেলিব দলটোৱে। ২১, ২৩, আৰু ২৬ ছেপ্টেম্বৰত পুডুচেৰীত অনুষ্ঠিত হ’ব এই তিনিখন মেচ। প্ৰথম এঘাৰত সমিতে স্থান পায় নে নাপায় সেয়া লক্ষণীয় হ’ব। ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব চাৰিদিনীয়া খেলখন। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দলে দুখন ৰেডবল মেচ খেলিব। চেন্নাইত অনুষ্ঠিত হ’ব ৰেডবল খেল। ৰেডবলৰ অধিনায়ক হ’ব মধ্যপ্ৰদেশৰ সোহাম পটৱৰ্ধন।
সমিত পেচ বলিং অল ৰাউণ্ডাৰ। তেওঁ মহাৰাজা টি-২০ লীগত মহীশূৰ ৱাৰিয়ৰ্ছৰ হৈ খেলিছে। সেই প্ৰতিযোগিতাত যদিও সমিতে বলিং কৰাৰ সুযোগ নাপালে। তেওঁ ৭খন মেচত ৩৩ ৰান সংগ্ৰহ কৰে। কৰ্ণাটক টি-২০ লীগত বিশেষ সফলতা লাভ নকৰিলেও কোচবিহাৰ ট্ৰফীত ৰান লাভ কৰে। তাত তেওঁ ১৮ বছৰ বয়সত ৮খন মেচত ৩৬২ ৰান সংগ্ৰহ কৰে। ১৬ টা উইকেট লয়। জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৯৮ ৰান সংগ্ৰহ কৰে। প্ৰথমবাৰৰ বাবে কৰ্ণাটকে কোচবিহাৰ ট্ৰফী লাভ কৰে। সেই জয়ত সমিতৰ ডাঙৰ ভূমিকা আছিল। তাৰ ফল তেওঁ পালে। ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ দলত স্থান লাভ কৰিবলৈ সক্ষম হ’ল ৷