ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বাবে নতুন প্ৰশিক্ষকৰ প্ৰয়োজন। নতুন প্ৰশিক্ষকৰ বাবে ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে শীঘ্ৰে বিজ্ঞাপন দিয়া হ’ব বুলি জানিবলৈ দিয়ে। টি-২০ বিশ্বকাপৰ পিছত প্ৰশিক্ষক সলনি কৰিব পাৰিব। ইচ্ছা কৰিলে ৰাহুল দ্ৰাবিড়েও আবেদন কৰিব পাৰে। চলিত বৰ্ষৰ জুন মাহলৈকে দ্ৰাবিড়ৰ চুক্তিৰ ম্যাদ আছে।
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয়, ‘জুন পৰ্যন্ত দ্ৰাবিড়ৰ চুক্তি আছে। ইচ্ছা কৰিলে আবেদন কৰিব পাৰে।” তেওঁ কয় যে মুখ্য প্ৰশিক্ষক কোন হ’ব সেইটো নিৰ্ণয় কৰাৰ পিছত বেটিং, বলিং আৰু ফিল্ডিং প্ৰশিক্ষক নিৰ্বাচন কৰা হ’ব।নতুন প্ৰশিক্ষকৰ সৈতে দীৰ্ঘদিনীয়া চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে ব’ৰ্ডে। তেওঁৰ সৈতে তিনি বছৰৰ বাবে চুক্তি স্বাক্ষৰ হ’ব পাৰে। ২০২৭ চনত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব । সেই প্ৰতিযোগিতালৈকে নতুন প্ৰশিক্ষকক চুক্তিবদ্ধ কৰিব পাৰিব।
অৱশ্যে ইংলেণ্ড বা পাকিস্তানৰ দৰে ৰেডবল আৰু বগা বলৰ বাবে পৃথক প্ৰশিক্ষক থকাৰ নীতি ব’ৰ্ডে গ্ৰহণ নকৰে। ভাৰতীয় ক্ৰিকেটৰ দায়িত্ব এজন প্ৰশিক্ষকৰ হাতত দিব বিচাৰিছে জয় শ্বাহে।
যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছত দ্ৰাবিড়ক পুনৰ প্ৰশিক্ষক হিচাপে ৰখা হ’ব নেকি সেই বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। পিছত অৱশ্যে ব’ৰ্ডে তেওঁক প্ৰশিক্ষক হিচাপে ৰখাৰ সিদ্ধান্ত লয়। দ্ৰাবিড়ৰ অধীনত ২০২২ চনত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হৈছিল ভাৰত। এছিয়া কাপত জয়ী হৈছিল যদিও এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল। যোৱা বছৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হৈছিল ভাৰত। দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে এছিয়া কাপৰ বাহিৰে আন কোনো ডাঙৰ ট্ৰফী লাভ কৰিব নোৱাৰিলে। কিন্তু তিনিওবিধ ক্ৰিকেটতে আইচিচিৰ ৰেংকিঙত ভাৰত আছিল এক নম্বৰ দল।