পেৰিছ অলিম্পিকত দেখা যাব দেশৰ এখন বিশ্ববিদ্যালয়ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী। বৰ্তমান সকলো ক্ৰীড়াৰ বাবে এক ঠিকনা হিচাপে পৰিগণিত হোৱা শিক্ষানুষ্ঠানখন হৈছে চণ্ডীগড় বিশ্ববিদ্যালয়।
মল্লযুঁজত ৰিটিকা হুদা, ধনুৰ্বিদত ভজন কৌৰ, হকীত সঞ্জয়, এথলেটিকছত আকাশদ্বীপ সিং আৰু শ্বুটিঙত অৰ্জুন বাবুতাই। এই পাঁচজনে পেৰিছ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ উপৰিও পেৰিছ পেৰা অলিম্পিকত পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব কয়াকিঙত যশ, টাইকোৱাণ্ডোত অৰুণা টানৱাৰ আৰু বেডমিণ্টনত পালক কোহলিয়ে। এই আঠজন ক্ৰীড়াবিদ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ।
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এই সফলতাৰ আঁৰত আছে সুপৰিকল্পিত, সুবিকশিত আন্তঃগাঁথনি আৰু আন্তৰিকতা। পঢ়া-শুনাৰ লগতে পঞ্জাৱৰ এই বিশ্ববিদ্যালয়ত ক্ৰীড়াকো সমানে গুৰুত্ব দিয়া হয়। ছাত্ৰ-ছাত্ৰীক বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ দিয়া হয়। পঢ়া-শুনাৰ বাহিৰেও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি সমান দৃষ্টি ৰাখি আহিছে। আধুনিক অনুশীলনৰ ব্যৱস্থা আছে। সফল পেছাদাৰী প্ৰশিক্ষক আছে। প্ৰশিক্ষণৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কি খাব আৰু কি নাখাব সেই বিষয়েও ধ্যান ৰাখে বিশ্ববিদ্যালয় কতৃপক্ষই । কাৰোবাৰ কিবা সমস্যা বা অসুবিধা হ’লে সমাধান কৰিবলৈ চেষ্টা কৰে। বিশ্ববিদ্যালয় চৌহদত জিম, চুইমিং পুলৰ সুবিধাও আছে। এখন ক্ৰীড়া একাডেমী স্থাপন কৰা হৈছে।
১৮ বছৰীয়া আৰ্চাৰ ভজন বি এ প্ৰথম বৰ্ষৰ ছাত্ৰ। শ্বুটাৰ অৰ্জুনে এম বি এ কৰি আছে। মল্লযুঁজাৰু ঋতিকা, হকী খেলুৱৈ সঞ্জয়ে বি.এ. আকাশদীপে চণ্ডীগড় বিশ্ববিদ্যালয়ত বিপিডি অধ্যয়ন কৰি আছে। বাকীসকলো বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী। খেলুৱৈ আৰু ছাত্ৰ-ছাত্ৰীৰ উন্নয়নৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চলিত শিক্ষাবৰ্ষত ৮৫ লাখ টকা আবণ্টন দিছে। ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য লাভ কৰাসকলৰ বাবে মেজৰ ধ্যানচান্দ বৃত্তি উপলব্ধ। এই খণ্ডৰ বাবে এইবাৰ আবণ্টন ৩.৮৪ কোটি টকা। এই বৃত্তিৰ জৰিয়তে মুঠ ১১৮৩ গৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হয়। ইয়াৰ ভিতৰত মহিলা ছাত্ৰীৰ সংখ্যা ৫৬২ গৰাকী। বিভিন্ন প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ বাবে ৪০৭ জন লোকে ১০০% বৃত্তি লাভ কৰে।
পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া চণ্ডীগড় বিশ্ববিদ্যালয়ৰ আঠগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে। বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষকসকলে সেই সফলতাক আগুৱাই যোৱাৰ পথ দেখুৱাইছে।চণ্ডীগড় বিশ্ববিদ্যালয়ে কেৱল ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন কৰাই নহয়। দেশৰ আন বিশ্ববিদ্যালয়সমূহৰ বাবে আদৰ্শ দাঙি ধৰা। ইচ্ছা, আন্তৰিকতা, পৰিকল্পনা আৰু সদিচ্চাৰ অভাৱ নহ’লে সকলো সম্ভৱ। পঢ়াৰ পৰা খেলালৈকে—সকলোতে আহে সফলতা । অলিম্পিকত অংশগ্ৰহণ কৰা বহু দেশৰেই পেৰিছত নাথাকিব আঠজন প্ৰতিনিধি। তেনে ক্ষেত্ৰত এখন বিশ্ববিদ্যালয়ৰ আঠজন শিক্ষার্থীয়ে স্থান লাভ কৰি গৌৰৱান্বিত কৰি তুলিছে দেশবাসীক ৷