১৪ বাৰৰ চেম্পিয়নছ লীগ বিজয়ী ৰিয়েল মাদ্ৰিদে চেম্পিয়নছ লীগৰ অন্তিম আঠত স্থান দখল কৰে। ৰিয়েল মাদ্রিদে লেইপজিগৰ বিৰুদ্ধে ১-১ গ’লত ড্র কৰি চেম্পিয়নছ লীগৰ অন্তিম আঠত স্থান দখল কৰে। ৷
প্ৰথম ৰাউণ্ডত ১-০ গ’লত জয়লাভ কৰে ৰিয়েলে। দ্বিতীয়াৰ্ধত অৱশ্যে লাইপজিগে অধিক সুযোগ লাভ কৰে। আক্ৰমণ তেওঁলোকৰ অধিক আছিল। প্ৰথমাৰ্ধত কেইবাটাও সহজ সুযোগ অপচয় কৰি গ’ল দিব নোৱাৰিলে। দ্বিতীয়াৰ্ধত ৬৫ মিনিটৰ শেষত ভিনিচিয়াছ জুনিয়ৰে এটা গ’ল দিয়ে। সেই অগ্ৰগতি অৱশ্যে বেছি সময় নাথাকিল। ইয়াৰ তিনি মিনিটৰ পাছত উইলি অৰবানে সমতা স্থাপন কৰে। গ’লটো দিয়াৰ পাছত লাইপজিগে নিজৰ আক্ৰমণ তীব্ৰতৰ কৰি তুলিলে। শেষত তেওঁলোকৰ এটা শ্বট পোষ্টত খুন্দা মাৰে। মেচখন ড্ৰ’ হৈছিল। ৰিয়েলে শেষ আঠত প্ৰৱেশ কৰে।
চেম্পিয়নছ লীগৰ সফল ক্লাব ৰিয়েল। যোৱা ১৪ বছৰত মাত্ৰ দুবাৰহে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই। ৰিয়েলে আকৌ এবাৰ ইউৰোপীয় চেম্পিয়ন হোৱাৰ সপোন দেখিছে।