১৮ বছৰ বয়সৰ এম্মা ৰাডুকানু হঠাতে ক্ৰীড়াপ্ৰেমীৰ নয়নৰ মণি হৈ পৰিল। ব্রিটেইনৰ এইগৰাকী অখ্যাত টেনিছ খেলুৱৈয়ে চলিত বর্ষৰ ইউ এছ অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰে।
উল্লেখযোগ্য যে ২০০৪ চনত ১৭ বছৰীয়া মাৰিয়া চাৰাপোভা সৰ্বকণিষ্ঠ গ্ৰেণ্ড শ্লেম চেম্পিয়ন হৈছিল। চাৰাপোভাৰ পৰৱৰ্তী পৰ্যায়ত ৰাডুকানু দ্বিতীয় গৰাকী সৰ্বকণিষ্ঠ খেলুৱৈৰূপে পৰিচিত হ’ল।
আনহাতে সুদীৰ্ঘ ৪৪ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইউ এছ অ’পেনত চেম্পিয়ন খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী মহিলাৰ গৌৰৱ অৰ্জন কৰে ৰাডুকানুয়ে। ৰাডুকানুৰ পূর্বে ১৯৬৮ চনত ভির্জিনিয়া ৱেডে প্রথমগৰাকী ব্রিটিছ মহিলা ৰূপে ইউ এছ অ’পেনৰ খিতাপ জয় কৰিছিল৷
মহিলা শাখাৰ ছিংগলছৰ ফাইনেল মেচখন ৰাডুকানু আৰু কানাডাৰ ১৯ বছৰীয়া লেইলা ফার্নাণ্ডেজৰ মাজত অনুষ্ঠিত হৈছিল। দুয়োগৰাকী নৱাগত খেলুৱৈয়ে অভিজ্ঞ খেলুৱৈসকলক পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰিছিল৷ অৱশ্যে ইতিহাস সৃষ্টি কৰি ফাইনেল মেচত লেইলাৰ শেষ হাঁহি মাৰে ৰাডুকানুৱে৷
ৰাডুকানুৱে এই খিতাপৰ সৈতে বিশ্বৰ ২৩ নম্বৰ স্থানলৈ উপনীত হ’ল। আনহাতে বিশ্বৰ ১৫০ নম্বৰ খেলুৱৈ হিচাপে তেওঁ প্ৰতিযোগিতাখনত প্ৰৱেশ কৰিছিল। বিশ্বৰ ৭৩ তম স্থানত থকা ফাৰ্নাণ্ডেজ বিশ্বৰ ২৭ নম্বৰ স্থানলৈ উত্তীৰ্ণ হ’ব।
ইউ এছ অ’পেনৰ নতুন সম্রাজ্ঞীগৰাকীক ব্রিটেইনৰ ৰাজ পৰিয়ালে অভিনন্দন জনাইছে। ৰাডুকানুলৈ প্রেৰণ কৰা এক বার্তাত ৰানী এলিজাবেথে সৰু ছোৱালীজনীক প্ৰশংসাৰে ওপচাই পেলাইছে।