ইউৰোৰ ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে ৷ বুধবাৰে নিশা ডৰ্টমুণ্ডত নেদাৰলেণ্ডক পৰাস্ত কৰি পুনৰ ইউৰো কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে। ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব স্পেইন। ইংলেণ্ডে ছেমিত ২-১ গ’লত জয়লাভ কৰে। জেভি ছিমনছে নেদাৰলেণ্ডক আগুৱাই লৈ যায় যদিও হেৰী কেন আৰু অলি ৱাটকিন্সৰ গ’লেৰে ইংলেণ্ডে জয়লাভ কৰে।
বিকল্প খেলুৱৈ হিচাপে খেলা অলি ৱাটকিন্সে ষ্টপেজ টাইমত নিৰ্ণায়ক গ’লটো দি ইংলেণ্ডক একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰোপিয়ান চেম্পিয়নশ্বিপ (ইউৰো কাপ) ফুটবল প্ৰতিযোগিতাৰ ফাইনেললৈ লৈ যায়। ডৰ্টমুণ্ডত অনুষ্ঠিত হোৱা ছেমি ফাইনেল খেলখনত ইংলেণ্ডে নেদাৰলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি এক ৰোমাঞ্চকৰ খেল প্ৰদর্শন কৰে।
গেৰেথ চাউথগেটৰ দল ইংলেণ্ডৰ এই ইউৰো কাপত একেৰাহে দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপৰ মেচত প্ৰৱেশ কৰাত সফল হৈছে। ১৯৬৬ চনৰ পিছত ইংলেণ্ডে প্ৰথমটো ডাঙৰ খিতাপ জয়ৰ চেষ্টা চলাইছে। ইয়াৰ বাবে এতিয়ালৈকে এক উজ্জ্বল খেল প্ৰদৰ্শন কৰা স্পেইনৰ বিৰুদ্ধে ফাইনেলত ভাল প্ৰদৰ্শন কৰিব লাগিব দলটোৱে । ১৯৮৮ চনত জাৰ্মানীত অনুষ্ঠিত হোৱা পূৰ্বৰ ইউৰোত নেদাৰলেণ্ডে জয় পুনৰাবৃত্তি কৰাৰ আশা কৰিছিল যদিও বৰ্তমানৰ দলটোত মাৰ্কো ভান বাষ্টেন বা ৰুড গুলিটৰ দৰে তাৰকা খেলুৱৈৰ অভাৱ আছিল। যদিহে নেদাৰলেণ্ড দলে ছেমি ফাইনেলত জয়লাভ কৰাত সফল হ’লহেঁতেন তেন্তে ২০১০ চনৰ বিশ্বকাপৰ ফাইনেলৰ দৰে এখন মেচ হ’লহেঁতেন।
ইয়াৰ পূর্বে ফ্ৰানসক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছিল স্পেইনে ৷ দেওবাৰেনিশা অনুষ্ঠিত হ’ব ইউৰোৰ ফাইনেল ৷ ফাইনেল মেচক লৈ ইতিমধ্যে ফুটবল অনুৰাগীৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷