টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত খেলিছিল নীৰজ চোপ্ৰাই। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা নহয়,তেওঁ ফেডাৰেচন কাপত খেলিছে ৷ তেওঁ সহজেই এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছে ৷সোণৰ পদক লাভ কৰিলেও যেন তেওঁ ল৭্যৰ পৰা এতিয়াও বহু দূৰৈত ৷কিয়নো নীৰজৰ জেভলিনে অতিক্ৰম কৰিব নোৱাৰিলে ৯০ মিটাৰৰ ঘৰ ৷ তেওঁ ৮২.২৭ মিটাৰ দূৰত্বত জেভলিন নিক্ষেপ কৰি সোণৰ পদক লাভ কৰে।
ওড়িশাৰ কালিংগা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ফেডাৰেচন কাপ। জেভলিনত সোণৰ পদক লাভ কৰা নীৰজে কয়, ‘টকিঅ’ অলিম্পিকৰ পূৰ্বেই মই ইয়ালৈ আহিছিলো। ইয়াত সকলোৱে মোক বহুত সহায় কৰিছে। ইয়াত অনুশীলন কৰিলে লাভ বহুত। ইয়ালৈ ঘূৰি আহি ভাল লাগিছে। সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো ।”
প্ৰথম তিনিটা ৰাউণ্ডৰ শেষত দ্বিতীয় স্থানত আছিল নীৰজ। সেই সময়ত শীৰ্ষত থকা ডি পি মানুৱে ৮২.০৬ মিটাৰ নিক্ষেপ কৰিছিল। কিন্তু পিছৰ তিনিটা থ্ৰ’ত তেওঁ অধিক দূৰলৈ জেভলিন নিক্ষেপ কৰাত ব্যর্থ হয় ৷ চতুৰ্থ ৰাউণ্ডত নীৰজে ৮২.২৭ মিটাৰ নিক্ষেপ কৰে। তৃতীয় স্থান দখল কৰে বিবিন এণ্টনিয়ে। তেওঁ ৭৭.২৭ মিটাৰ নিক্ষেপ কৰে।
অৱশ্যে প্ৰতিযোগিতাখনত ব্যর্থ হয় কিশোৰ জেনা। তেওঁ ৭৫.৪৯ মিটাৰতকৈ বেছি নিক্ষেপ কৰিব নোৱাৰিলে। ইতিমধ্যে নীৰজৰ সৈতে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে জেনাই। কিন্তু ফেডাৰেচন কাপত তেওঁ তিনিটা থ্ৰ’ ফাউল কৰে। বাকীবোৰৰ ওপৰত তেওঁ কোনো ছাপ পেলাব পৰা নাছিল। প্ৰথম তিনিটা স্থানৰ ভিতৰতো তেওঁ স্থান লাভ কৰিবলৈ সক্ষম নহ’ল ৷