বিৰাট কোহলীয়ে আই পি এলত চাৰি বছৰৰ পাছত শতক অৰ্জন কৰে। ৰয়েল চেলেঞ্জাৰ্ছে তেওঁৰ শতকৰ ভিত্তিত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি প্লে অফৰ যুঁজখনত ৰক্ষা পৰে। আই পি এলত শতক অৰ্জন কৰাৰ পিছতো বিৰাটৰ লক্ষ্য বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত। টি-২০ৰ ভিতৰতে তেওঁ টেষ্ট ক্ৰিকেটৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
হায়দৰাবাদৰ বিৰুদ্ধে কোহলীয়ে ১২টা চাৰি আৰু ৪টা ছয় কোবাই । মেন অৱ দ্য মেচৰ পিছত কোহলীয়ে কয় –‘ মই এজন ক্ৰিকেটাৰ যিয়ে বেছি আধুনিক শ্বট খেলি ভাল নাপাওঁ। আই পি এলৰ পিছত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। গতিকে মোৰ কৌশল সঠিকভাৱে ৰাখিব লাগিব।“
হায়দৰাবাদৰ বিৰুদ্ধে খেলাৰ সময়ত তেওঁ যি মানসিকতাৰ মাজত সোমাই পৰিছিল সেই বিষয়েও বিৰাটে প্ৰকাশ কৰে । তেওঁ কয়, ‘হায়দৰাবাদে ভাল বেটিং কৰিছিল। গতিকে আমাক এটা ভাল আৰম্ভণিৰ প্ৰয়োজন আছিল। প্ৰথম বলৰ পৰাই আঘাত কৰাৰ পৰিকল্পনা কৰিলোঁ। ই কাম কৰিলে।”
বিগত কেইখনমান মেচত কোহলীয়ে বিশেষ ৰান পোৱা নাছিল। অৱশ্যে ইয়াৰ ফলত তেওঁৰ ওপৰত হেঁচা নাছিল। কোহলীয়ে কয় যে যোৱা কেইখনমান মেচত ৰান নাপালেও তেওঁ নেটত ভাল বেটিং কৰি আছিল। তেওঁ কেতিয়াও অতীতৰ অভিলেখৰ বিষয়ে নাচায় ৷
কোহলীয়ে এইবাৰ আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে ফাফ ডু প্লেছিছৰ সৈতে। দুয়োৰে সফলতাৰ ৰহস্য উদঙাই দিছে বিৰাটে। তেওঁৰ ভাষাত “আমাৰ দুয়োৰে শৰীৰত টেটু আছে। প্লেছিছ এজন অতি ভাল বেটছমেন। এনে অভিজ্ঞ বেটছমেন। তেওঁৰ সৈতে বেটিং কৰি ভাল লাগে ৷”