অহা বছৰৰ টি-২০ বিশ্বকাপত বিৰাট কোহলীক দেখা নাপাব নেকি? শেহতীয়া এক বৈঠকে এনে আশংকাৰ সৃষ্টি কৰিছে । প্ৰকাশিত তথ্য অনুসৰি টি-২০ বিশ্বকাপত কোহলীক বিবেচনা কৰা নাই নিৰ্বাচকসকলে। কোহলিৰ স্থানত এজন ভাৰতীয় যুৱ ক্ৰিকেটাৰক বিবেচনা কৰা হৈছে। বিশ্বকাপত কোহলীৰ স্থান একেবাৰে নিশ্চিত নহয়।
কিছুদিন পূৰ্বে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে ব’ৰ্ডৰ সদস্য আৰু নিৰ্বাচকসকলৰ বৈঠক হৈছিল। সকলোৱে টি-২০ বিশ্বকাপত ৰোহিতক অধিনায়ক হিচাপে বিচাৰে ৷ একেখন বৈঠকতে কোহলীৰ স্থানক লৈ সন্দেহ প্ৰকাশ কৰা হৈছিল। অহা কেইদিনমানৰ ভিতৰতেহে ব’ৰ্ডৰ বিষয়াসকলে কোহলীৰ সৈতে সাক্ষাৎ কৰিব পাৰিব।
বৈঠকত উপস্থিত থকা ব’ৰ্ডৰ এক সূত্ৰই জনোৱা মতে, নিৰ্বাচক আৰু ব’ৰ্ডৰ বিষয়াসকলে টি-২০ত তিনি নম্বৰত থকা এজন বেটছমেন বিচাৰিছে যিয়ে আৰম্ভণিৰে পৰা দৌৰিব পাৰে। সেই স্থানত ঈশান কিষাণ বহু আগবাঢ়ি আছে। বাওঁহাতৰ বেটছমেনগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখনমান মেচত তিনি নম্বৰ স্থানত ভাল খেল প্ৰদৰ্শন কৰিছে।
টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বিশ্বৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী কোহলী। নিৰ্বাচকসকলে ইংগিত দিয়ে, যদি কোহলীয়ে পৰৱৰ্তী আই পি এলত ভাল খেলিব পাৰে, তেন্তে তেওঁক টি-২০ বিশ্বকাপৰ বাবে বিবেচনা কৰিব পৰা যাব। কিন্তু সমস্যাটো আন ঠাইত নিহিত হৈ আছে। সাধাৰণতে আই পি এলত কোহলীয়ে অ’পেন কৰে। কিন্তু ৰাষ্ট্ৰীয় দলত ৰোহিতে খেলে তেন্তে শুভমন গিল বা যশশ্বী জয়ছোৱালক তেওঁৰ লগত দেখা যাব। কিষানক যদি তিনি নম্বৰত ৰখা হয়, তেন্তে পৰৱৰ্তী বেটিং লাইন আপত সূৰ্যকুমাৰ যাদৱ, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাডেজা আছে। ফলত কোহলীৰ কোনো স্থান নাথাকিব ৷
সেইবাবেই অনাগত দিনত কোহলীৰ সৈতে নিৰ্বাচক আৰু জ্যেষ্ঠ ব’ৰ্ডৰ সদস্যসকলে সাক্ষাৎ কৰি টি-২০ত খেলাৰ বিষয়ে ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে কি ভাবে সেই বিষয়ে জানিব বিচাৰিব । যদিহে কোহলীয়ে ভৱিষ্যতে এই ফৰ্মেটত খেলিব নোৱাৰাটো বাছি লয়, তেন্তে ব’ৰ্ডৰ কোনো আপত্তি নাথাকিব। দক্ষিণ আফ্ৰিকাত টি-২০ শৃংখলাত খেলিব নোৱাৰিব কোহলীয়ে। ইয়াৰ পিছত আফগানিস্তান ছিৰিজ। ইয়াৰ পিছত জুন মাহত বিশ্বকাপ। ইয়াৰ মাজত আৰু আন্তঃৰাষ্ট্ৰীয় টি-২০ ছিৰিজ নাথাকিব। গতিকে কোহলীৰ বাবে সময় খুব কম।