আই পি এলত অব্যাহত আছে শুভমন গিলৰ আধিপত্য। প্ৰতিখন মেচতে বেটৰ সৈতে আস্থা ৰাখিছে গুজৰাট টাইটানছৰ। এই পৰ্যন্ত শুভমনে ১৬খন মেচত ৮৫১ ৰান সংগ্ৰহ কৰি আই পি এলৰ কমলা ৰঙৰ টুপী জয় কৰাটো প্ৰায় নিশ্চিত হৈছে ৷২৩ বছৰীয়া বেটছমেনগৰাকীয়ে আৰু কেইটামান কৃতিত্বও অৰ্জন কৰিছে।
প্লে অফত সৰ্বাধিক ৰান : আই পি এলৰ প্লে অফ পৰ্যায়ত সৰ্বাধিক ৰান ইনিংছ খেলাৰ নজিৰ গঢ়ি তুলিছিল শুভমনে। শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৬০টা বলত ১২৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে আই পি এলৰ প্লে অফ পৰ্যায়ত কোনেও ইমান ৰান কৰিব পৰা নাছিল। ইমান দিনে এই নজিৰ বীৰেন্দ্ৰ সেহৱাগৰ দখলত আছিল। ২০১৪ চনত প্লে অফত তেওঁ ১২২ ৰানৰ ইনিংছ খেলিছিল।
প্লে অফত শতক অৰ্জন কৰা সপ্তম বেটছমেন : আই পি এলৰ প্লে অফ পৰ্যায়ত শতক অৰ্জন কৰা আই পি এলৰ সপ্তম বেটছমেন হিচাপে পৰিগণিত হয় শুভমন। তেওঁৰ পূৰ্বে ছেহৱাগ, শ্বেন ৱাটছন, বৃদ্ধিমান সাহা, মুৰালী বিজয়, ৰজত পাটিদাৰ আৰু জোছ বাটলাৰে প্লে অফত শতক অৰ্জন কৰিছে।
৩য় সৰ্বোচ্চ ৰানঃ আই পি এলত মুঠ ৰান সংগ্ৰহৰ ক্ষেত্ৰত শুভমন তৃতীয় স্থানত আছে। এই পৰ্যন্ত আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ হাতত আছে। ২০১৬ চনত তেওঁ ৯৭৩ ৰান সংগ্ৰহ কৰিছিল। দ্বিতীয় স্থানত আছে বাটলাৰ। ২০২২ চনত তেওঁ ৮৬৩ ৰান সংগ্ৰহ কৰিছিল। এই পৰ্যন্ত শুভমনে ৮৫১ ৰান সংগ্ৰহ কৰিছে। ফাইনেলত তেওঁ বাটলাৰক পৰাস্ত কৰি দ্বিতীয় স্থান লাভ কৰিব পাৰে।
দ্বিতীয় ভাৰতীয় হিচাপে ৮০০ ৰানঃ আই পি এলত ৮০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হোৱা দ্বিতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় শুভমন। কোহলীৰ বাহিৰে আন কাৰোৰে এই কৃতিত্ব নাছিল। ইয়াৰ উপৰিও তেওঁ আই পি এলত ৯০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হৈছে। যদি তেওঁ ফাইনেলত ৪৯ ৰান কৰিব পাৰে তেন্তে শুভমনে সেই মাইলৰ খুঁটিটো স্পৰ্শ কৰিব।
সৰ্বাধিক শতক: গুজৰাটৰ অ’পেনিং বেটছমেনগৰাকীয়ে একেটা আই পি এলতে তিনিটা বা তাতকৈ অধিক শতক অৰ্জন কৰা তৃতীয়জন ক্ৰিকেটাৰ। কোহলী আৰু বাটলাৰৰ আছিল এই কৃতিত্ব। শুকুৰবাৰে ৰোহিত শৰ্মাৰ বিৰুদ্ধে প্ৰতিযোগিতাত শুভমনে তৃতীয় শতক অর্জন কৰে ।
দেওবাৰে আৰু এখন মেচ খেলাৰ সুযোগ পাব শুভমনে ।