আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো বলিঙৰ গতি কমি যোৱা নাই বুলি প্ৰমাণ কৰিলে শ্ববনিম ইছমাইলে। দক্ষিণ আফ্ৰিকাৰ এই প্ৰাক্তন পেচাৰগৰাকীয়ে মহিলা ক্ৰিকেটত নতুন ইতিহাস ৰচনা কৰে। মহিলা ক্ৰিকেটত তেওঁ সৰ্বাধিক দ্ৰুত বল বলিং কৰাৰ কৃতিত্ব তেওঁ অর্জন কৰে । মহিলা আই পি এলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে মুম্বাই ইণ্ডিয়ানছৰ পেচাৰ গৰাকীয়ে ।
মঙলবাৰে দিল্লীৰ ইনিংছৰ তৃতীয় অভাৰত এই অভিলেখ কৰিবলৈ সক্ষম হয় তেওঁ ৷ দিল্লীৰ অধিনায়ক মেগ লেনিঙে বেটিং কৰি আছিল। বলটো লেনিঙৰ পেডত খুন্দা মাৰে। সেই বলটো আঘাত কৰাৰ পিছতহে বলৰ গতি ছাইটৰ পৰ্দাত দেখা যায়। প্ৰতি ঘণ্টাত ইয়াৰ গতিবেগ আছিল ১৩২.১ কিলোমিটাৰ।
মহিলা ক্ৰিকেটত ইয়াৰ পূৰ্বে কোনো বলাৰে প্ৰতি ঘণ্টাত ১৩০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰা নাই। ইছমাইলে মহিলা আই পি এলৰ প্রথমখন খেলতো ঘণ্টাত ১২৮.২ কিলোমিটাৰ বেগত বলিং কৰে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো তেওঁ সৰ্বাধিক দ্ৰুত বলিঙৰ অভিলেখ কৰিছিল ৷ ২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁ ঘণ্টাত ১২৮ কিলোমিটাৰ বেগত বলিং কৰিছিল। সেইটোৱেই এতিয়ালৈকে আটাইতকৈ দ্ৰুত। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰগৰাকীয়ে ২০২২ চনৰ এদিনীয়া বিশ্বকাপত দুবাৰকৈ ঘণ্টাত ১২৭ কিলোমিটাৰৰ ওপৰত বলিং কৰিছিল।
অৱশ্যে ইতিহাস সৃষ্টি কৰাৰ পিছতো দিল্লীয়ে মেচখনত জয়ী হ’ব নোৱাৰিলে। ইছমাইলে ৪ অভাৰত ৪৬ ৰান দিয়ে। ১ উইকেট লয়। প্ৰথমে বেটিং কৰি দিল্লীয়ে লেনিং আৰু জেমিমা ৰড্ৰিগেজৰ অৰ্ধশতকৰে ৪ উইকেটত ১৯২ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাইৰ ইনিংছ ৮ উইকেটত ১৬৩ ৰানত সমাপ্ত হয়। মেচখনত ২৯ ৰানত পৰাস্ত হয় দিল্লী ।