ফুটবলৰ সর্বোচ্চ সংস্থাই ‘ফিফা’ই মঙলবাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সর্বভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ) নিলম্বন কৰিছে ৷ এই সিদ্ধান্ত ফিফা কাউন্সিলৰ ব্যুৰোৱে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে। তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় হস্তক্ষেপৰ বাবে ফিফাৰ বিধিসমূহৰ গুৰুতৰ উলংঘা হোৱাত ফেডাৰেচনক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
অৱশ্যে এআইএফএফৰ কাৰ্যনিৰ্বাহক সমিতিৰ ক্ষমতা গ্ৰহণ কৰিবলৈ প্ৰশাসনীয় এখন সমিতি গঠন কৰি দৈনন্দিন কাম-কাজ সম্পূৰ্ণ পৰিচালনা কৰিবলৈ আৰম্ভ কৰিলেই এই নিলম্বন উঠাই লোৱা হ’ব বুলি ‘ফিফা’ই প্ৰকাশ কৰিছে ৷
এক বিবৃতিত ফিফাই কয়- “নিলম্বনৰ বাবে চলিত বর্ষৰ ১১-৩০ অক্টোবৰত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা অনূৰ্ধ্ব ১৭ মহিলা বিশ্বকাপ ২০২২ বৰ্তমান পৰিকল্পিতভাৱে ভাৰতে অনুষ্ঠিত কৰিব নোৱাৰিব।”
ফিফাই প্ৰতিযোগিতাখনৰ সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপসমূহ বিবেচনা কৰি আছে ৷ প্ৰয়োজন হ’লে বিষয়টো পৰিষদৰ ব্যুৰোলৈ প্ৰেৰণ কৰা হ’ব ৷ বিবৃতিত উল্লেখ কৰা অনুসৰি ফিফাই ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে নিৰন্তৰভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷ এই বিষয়টোৰ সন্দর্ভত ইতিবাচক ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰালয়ে ৷