আগন্তুক ফিফা বিশ্বকাপ অনুষ্ঠিত কৰাৰ বাবে কাটাৰত প্ৰস্তুতি প্ৰায় সম্পূর্ণ হৈ উঠিছে ৷ কাইলৈ অনুষ্ঠিত হ’ব ফুটবলৰ মহাৰণৰ উদ্বোধনী অনুষ্ঠান ৷ ইয়াৰ মাজতে দেশখনত ইছলামিক আইন অনুসৰি কেতবোৰ নিষেধাজ্ঞা দর্শক আৰু পর্যটকসকলৰ বাবে বান্ধি দিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ মাজতেই বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানকলৈয়ো আন এক বিতর্কৰ সূচনা হৈছে ৷ কেইবা গৰাকীও তাৰকাই উদ্বোধনী অনুষ্ঠানত অংসগ্ৰহণৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ছাকিৰা-ডুৱা লিপাৰ দৰে তাৰকা ৷
ইফালে, পৰ্তুগালৰ ব্ৰুনো ফাৰ্নাণ্ডেছ আৰু ডেনমাৰ্কৰ ক্রিষ্টিয়ান এৰিক্সনৰ দৰে বহু ফুটবল খেলুৱৈয়ে বিশ্বকাপ আয়োজন কৰা দেশখনৰ বিৰুদ্ধে মাত মাতিছে৷ অতিথি কণ্ঠশিল্পী হিচাপে ছাকিৰাই প্ৰথমে সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে সন্মতি প্ৰদান কৰিছিল যদিও তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত অৱশেষত উদ্বোধনী অনুষ্ঠানত উপস্থিত নথকাৰ কথা প্ৰকাশ কৰে ৷
ইয়াৰ বিপৰীতে কাটাৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সন্মত হোৱা শিল্পীসকল হ’ল জে বালভিন, ৰবি উইলিয়ামছ, জেছন ডেৰুলো, ক্লিন বেণ্ডিট, শ্বেন পল, নোৰা ফাটেহী, ব্লেক আইড পিজ, বিটিএছৰ জংকুক, নিকি মিনাজ, মালুমা আৰু মাইৰিয়াম ফেৰেছ।
কাটাৰে বিশ্বকাপ আয়োজন কৰাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ডুৱা লিপাই ইনষ্টাগ্ৰামৰ জৰিয়তে কয় , ‘মই ইংলেণ্ডক দূৰৰ পৰাই উৎসাহিত কৰিম আৰু যেতিয়া কাটাৰে আয়োজনৰ অধিকাৰ লাভ কৰাৰ সময়ত দিয়া সকলো মানৱ অধিকাৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব তেতিয়া মই দেশখন ভ্ৰমণ কৰিব ৷”
ইফালে ৰড ষ্টুৱেৰ্ডকো অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোগাযোগ কৰা হৈছিল যদিও তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছিল। এই সন্দর্ভত তেওঁ কয়- “তেওঁলোকে মোক বিপুল পৰিমাণৰ ধন আগবঢ়াইছিল ৷ অনুষ্ঠানৰ বাবে এক মিলিয়ন ডলাৰ আদায় দিবলৈ সন্মতি হৈছিল ৷ কিন্তু মই নাকচ কৰিলোঁ ৷”
২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপৰ মেচসমূহ ৷ কাটাৰে ইকুৱেডৰৰ বিৰুদ্ধে, আল খোৰৰ আল বাইট ষ্টেডিয়ামত মুখামুখি হ’ব ৷ । লগতে লিয়নেল মেছিৰ আৰ্জেণ্টিনাই ২২ নৱেম্বৰত চৌদি আৰৱৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব আৰু ২৪ নৱেম্বৰত পৰ্তুগালে ঘানাৰ বিৰুদ্ধে খেলিব।