অৱশেষত আনুষ্ঠানিকভাৱে অলিম্পিকত অন্তভুর্ক্ত হ’ল ক্ৰিকেট খেল ৷ ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট খেল অনুষ্ঠিত হ’ব। যোৱা শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। সোমবাৰে ভোটদানেৰে এই সিদ্ধান্তই চুড়ান্ত ৰূপ পায় ৷ ২০২৮ চনৰ অলিম্পিকত পুৰুষ আৰু মহিলা ক্ৰিকেট অনুষ্ঠিত হ’ব। এই খেলখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে অলিম্পিকত ক্ৰিকেট আয়োজন কৰা হৈছে মাত্ৰ এবাৰ। ১৯০০ চনত ক্ৰিকেট অনুষ্ঠিত হৈছিল ৷ অৰ্থাৎ ১২৮ বছৰৰ পাছত ক্ৰিকেট খেলখন পুনৰ বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতাত দেখা পোৱা যাব। ১৯০০ চনত চাৰিখন দেশে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিল ৷ দেশকেইখন হৈছে গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, নেদাৰলেণ্ড আৰু বেলজিয়াম। কিন্তু নেদাৰলেণ্ড আৰু বেলজিয়াম আঁতৰি যোৱাৰ পিছত গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সে মাত্ৰ এখন খেল খেলিছিল। সেয়া হৈছে ফাইনেল। সেইবাৰ প্ৰতিটো দলতে ১২ জন ক্ৰিকেটাৰ আছিল। দুদিন খেল খেলিছিল দল দুটাই ।
ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে বহুদিন ধৰি চৰ্চা চলি আহিছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডেও আবেদন কৰিছিল। কিন্তু সিদ্ধান্ত চূড়ান্ত হোৱা নাছিল। ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ আশা আছে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সভাপতি থমাছ বাকৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকে অৱশেষত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সোমবাৰে ভোটদান অনুষ্ঠিত হয়। ইয়াৰ পিছত এই ঘোষণা কৰা হৈছে ৷
কিন্তু কেৱল ক্ৰিকেটেই নহয়, ২০২৮ চনৰ অলিম্পিকত আন চাৰিবিধ খেলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। চফটবল, ফ্লেগ ফুটবল, লেক্ৰছ আৰু স্কোয়াছ নতুনকৈ অন্তভুর্ক্ত হ’ব অলিম্পিকত ৷