চলিত আইপিএলৰ প্ৰথমখন মেচ আজি বর্ষাপাৰাত অনুষ্ঠিত হ’ব ৷ বৰ্ষাপাৰাত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলি ৰাজস্থান ৰয়েলছে । চলিত আইপিএলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থাকি হঠাতে ছন্দ হেৰুৱাই কোৱালিফায়িঙৰ বাবে যুঁজ দিবলগা হৈছে ৰাজস্থান ৰয়েলছে।
ৰাজস্থান ৰয়েলছৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচ দুখনৰ বাবে অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । চলিত আইপিএল ছিজনত অসম সন্তান ৰিয়ানৰ প্ৰদৰ্শন আৰু ঘৰুৱা খেলপথাৰত স্থানীয় খেলুৱৈগৰাকীৰ খেল উপভোগ কৰিবলৈ অনুৰাগীয়ে যথেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ গুৱাহাটীত হব লগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছৰ দলত নাথাকিব জ’ছ বাটলাৰ।
ইফালে, আইপিএল মেচৰ সময়ত যাতে মহানগৰীত কোনো যান-জঁটৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কিছু নিষেধাজ্ঞা । বুধবাৰে আৰু ১৯ তাৰিখে হ’বলগীয়া মেচ দুখনৰ পূৰ্বে বিয়লি ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকাতকৈ অধিক বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
সমান্তৰালভাৱে জি এছ ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড, বিষ্ণুপুৰ ৰোড, এম জি ৰোড, এ টি ৰোড, আৰ এম চি ৰোড, জি এন বি ৰোড, কাহিলিপাৰা ৰোডতো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল ।