মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা অৰুণাচল প্ৰদেশৰ প্ৰথমজন ব্যক্তি তাপী মৰা যি যোৱা প্ৰায় এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ খবৰে চিন্তিত কৰি তুলিছে ৰাজ্যখনৰ ক্ৰীড়া প্ৰেমী সকলক ৷ জানিব পৰা মতে বৰফৰে আবৃত অৰুণাচল প্ৰদেশৰ অন্যতম উচ্চ শৃংগ মাউণ্ট কায়াৰিচাটাম অন্বেষণ কৰিবলৈ চৰকাৰী অভিযানত গৈছিল তাপী মৰা ।
অৱশ্যে ৩৭ বছৰীয়া পৰ্বতাৰোহীজনক বিচাৰি উলিওৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সহায় বিচাৰি আহ্বান জনাইছে পৰ্বতাৰোহণ আৰু পেৰাগ্লাইডিং সংগঠনসমূহে ।আনহাতে অৰুণাচল প্ৰদেশৰ পেৰাগ্লাইডিং এছ’চিয়েশ্যনৰ সভাপতি, বিজয় সোনম আৰু অৰুণাচল প্ৰদেশৰ মাউন্টেনিয়াৰিং এছ’চিয়েশ্যনৰ সভাপতি চিকা গাপকে তেওঁ নিৰুদ্দেশ হোৱা বুলি নিশ্চিত কৰিছে আৰু তেওঁক বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।
ইফালে, টুইটাৰযোগে ৰাজ্য চৰকাৰ পৰ্বতাৰোহীজনক বিচাৰি উলিওৱাৰ পৰিকল্পনাৰে সাজু হোৱা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।তেওঁ কয় যে যোৱা সপ্তাহৰ পৰা পূব কামেং জিলাৰ মাউণ্ট কায়াৰিচাটাম অভিযানৰ সময়ত সন্ধানহীন হৈ থকা এভাৰেষ্ট আৰোহণ কৰা অৰুণাচলৰ প্ৰথম জন ব্যক্তি শ্ৰী তাপী মৰাৰ সুৰক্ষাৰ বাবে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। আনহাতে তেওঁক বিচাৰি উলিয়াবলৈ সাজু হৈ উঠিচে ৰাজ্যৰ ক্ৰীড়া বিভাগো ।
My prayers for safety of Shri Tapi Mra, the first person from Arunachal to scale Mt Everest, who’s been reportedly missing with a porter since last week during an expedition to Mt Khyarisattam in #EastKameng district.
State's Dept of Sports is ready with plans to trace Shri Mra.
— Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) August 29, 2022
উল্লেখনীয় যে শ্ৰী তাপী মৰাৰ পৰ্বতাৰোহণ সংস্থাৰ মহাসচিব। তেওঁ ২০০৯ চনৰ ২১ মে’ত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰিছিল।