বক্সাৰ তাৰকা লাভলীনা বৰগোঁহায়ে আজি ছেমিফাইনেলত পৰাস্ত হৈ নিজৰ মত প্ৰকাশ কৰি কয় যে,“ মই সুখী যে মই এটা পদক জিকিছো।কিন্তু মই যিমান আশা কৰিছিলো সিমান কৰিব নোৱাৰিলো।তাৰবাবে অলপ দুখ পাইছো। আশা কৰো মই পৰৱৰ্তী সময়ত আৰু ভাল খেলিব পাৰিম আৰু ভাৰতক পদকৰ দ্বাৰা গৌৰাৱাম্বিত কৰিব পাৰিম।“
বিশ্বৰ দ্বিতীয় স্থানৰ বক্সাৰ তুৰ্কীৰ বুছেনাজ ছাৰমেনেলিৰ বিৰুদ্ধে বেলেগ ৰণনীতি প্ৰস্তুত কৰিছিল যদিও ভবা ধৰণে সেইয়া কাৰ্যকৰী কৰিব পৰা নাছিল অসমকন্যা লাভলীনাই।যিহেতু লাভলীনাই নিজেই সেই কথা ব্যক্ত কৰি কৈছে যে তেওঁৰ প্ৰতিদ্বন্দী বহুত শক্তিশালী আছিল। আৰু ভবাধৰণে কোনো ৰণকৌশল খেলুৱৈ গৰাকীৰ ওপৰত প্ৰয়োগ কৰিব পৰা নাছিল।
এই মূহুৰ্তত কিছু দুখ অনুভৱ কৰিছে যদিও ভাৰতৰ বাবে পদক আনি আনন্দিত হৈ পৰিছে খেলুৱৈ গৰাকী।প্ৰায় এটা বছৰ ঘৰলৈ নোযোৱা লাভলীনা এতিয়া নিৰ্মাণৰত নতুন পথেৰে ঘৰলৈ যোৱাৰ আনন্দ উপভোগ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে ।আৰু সহযোগী খেলুৱৈ সকলৰ প্ৰতি আহ্বান জনাই কয় যে যদি আমি কোনো কাম কৰিবলৈ মন স্থিৰ কৰো বা নিজৰ ওপৰত বিশ্বাস ৰাখি কৰিলে ,নিশ্চিতভাৱে সফল হ‘য়।
২৩ বছৰীয়া লাভলীনাৰ এইয়া আৰম্ভণি ।যিহেতু আৰু বহু সময় পৰি আছে লাভলীনাৰ বাবে। আগন্তুক সময়ত লাভলীনাই ভাৰতলৈ যে সোণৰ পদক কঢ়িয়াই আনিব সেইয়া নিশ্চিত।