জাৰ্মানীয়ে ঘৰুৱা মাটিত স্কটলেণ্ডক সহজে পৰাস্ত কৰি ইউৰো কাপৰ অভিযান আৰম্ভ কৰে। শুকুৰবাৰে মিউনিখত ৫-১ গ’লত জয়লাভ কৰে জার্মানীয়ে। ইয়াৰে তিনিটা গ’ল প্ৰথমাৰ্ধত হয়। জাৰ্মানীৰ হৈ তিনিজন যুৱ ফুটবলাৰে গ’ল দিয়ে। বিপক্ষ হিচাপে স্কটলেণ্ড বহুত দুর্বল নাছিল যদিও জাৰ্মানীৰ বিৰুদ্ধে থিয় দিব পৰা নাছিল। জাৰ্মানীৰ হৈ গ’ল দিয়ে ফ্ল’ৰিয়ান উইৰ্টজ, জামাল মুছিয়ালা, কাই হাভাৰ্টজ, নিক্লাছ ফুলক্ৰুগ আৰু এম্ৰে কেনে। মেচৰ শেষৰফালে এণ্টনিঅ’ ৰুডিগাৰে আত্মঘাতী গ’ল দিয়ে ৷
খেলখনৰ প্ৰথম মিনিটৰ পৰাই আয়োজক দেশখনে স্কটলেণ্ডৰ ওপৰত আধিপত্য বিস্তাৰ কৰে। মিডফিল্ডৰ পৰা আক্ৰমণাত্মক হৈ জাৰ্মানীয়ে প্ৰতিটো বিভাগতে নিখুঁত ফুটবল প্ৰদৰ্শন কৰে ৷ দহ মিনিটত প্ৰথমটো গ’ল দিয়ে জার্মানীয়ে ৷ ১৯ মিনিটত হয় দ্বিতীয়টো গ’ল। পৰৱর্তী সময়ত স্কটলেণ্ডে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা চলায় যদিও বিফল হয় ৷ ক্ৰমাৎ মেচখন নিজৰ আধিপত্যলৈ আনে জার্মানীয়ে আৰু বিজয় সাৱ্যস্ত কৰে ৷